Guwahti B. Baruah College : গুৱাহাটীৰ বি বৰুৱা কলেজৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত আদালতৰ হস্তক্ষেপ

নিৰ্বাচনত স্থগিতাদেশ আদালতৰ

WhatsApp Image 2022 11 18 at 19.32.30

Guwahti B Baruah College:
যোৱা পষেকত গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনত আদালতে স্থগিতাদেশ জাৰি কৰাৰ পিছত এইবাৰ মহানগৰীৰ পুনৰ এখন অগ্ৰণী শিক্ষানুষ্ঠানৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত হস্তক্ষেপ কৰে আদালতে

এক গোচৰৰ ভিত্তিত কামৰূপ মহানগৰ জিলা দেৱানী আদালতে শুক্ৰবাৰে আগন্তুক গুৱাহাটীৰ বি বৰুৱা কলেজৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত হস্তক্ষেপ স্থগিতাদেশ জাৰি কৰে ।

উল্লেখ্য যে ,গোচৰটোৰ সপক্ষে আদালত যুক্তি দৰ্শায় অধিবক্তা দীপক শৰ্মা আৰু বিশালদীপ কাকতিয়ে ।
স্মতৰ্ৱ্য যে গুৱাহাটীৰ বি বৰুৱা কলেজৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন শনিবাৰে অনুষ্ঠিত হোৱাৰ কথা আছিল ।

মনকৰিবলগীয়া যে নিৰ্বাচনত ১৬ টা পদত ৫০ ৰো অধিক প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছিল । ইয়াৰে দুটা বিভাগত প্ৰতিদ্বন্দ্ব্বিতা কৰা দুজন প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছিল ।

শনিবাৰে চৈধ্যটা পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা আছিল। আনহাতে কলেজ খনৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন সভাপতিৰ পদত ৪ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ বিপৰীতে সাধাৰণ ‌সম্পাদকৰ পদত প্ৰতিদ্বন্দ্ব্বিতা কৰিছে পাঁচ গৰাকীকৈ প্ৰাৰ্থী ৷
আজি আদালতে ছাত্ৰ একতা সভাৰ নিৰ্বাচন নীতি বহিভূত নিৰ্বাচন অনুষ্ঠিত কৰা বুলি ৰায় দি স্থগিতাদেশ দিয়ে।

কামৰূপ দেৱানী আদালতৰ স্থগিতাদেশৰ পিচত বি বৰুৱা মহাবিদ্যালয় নিৰ্বাচন কেতিয়া হ’ব সেইয়া এতিয়াও স্পষ্ট উল্লেখ কৰা নাই আদালতে ।

উল্লেখযোগ্য যে নিৰ্বাচনৰ বাবে প্ৰাৰ্থী সকলৰ মনোনয়নপত্ৰ প্ৰ-পত্ৰ পূৰণ কৰাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছিল ১৬ নৱেম্বৰত । সেই অনুসৰি ১৮ নৱেম্বৰৰ ভিতৰত নিৰ্বাচনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হ’ব লাগিছিল ।

Exit mobile version