karnataka : গো-সুৰক্ষাৰ বাবে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীৰ এদিনৰ দৰমহা !

91a35fc6 618a 4b23 927b a69c1c2574ce

karnataka :

ৰাজ্যৰ গো-ধনৰ সুৰক্ষাৰ বাবে প্ৰয়োজন পুঁজি সংগ্ৰহ কৰিবলৈ চৰকাৰে গ্ৰহণ কৰিছে এক ব্যৱস্থা৷
সেই অনুসৰি চৰকাৰী কৰ্মচাৰীৰ এদিনৰ দৰমহা কৰ্তন হ’ব ৷এই দৰমহাৰ পৰা সংগৃহীত সমুদায় ধন ব্যয় কৰিব গৰু- ম’হৰ সুৰক্ষাত ৷

কৰ্ণাটক চৰকাৰে ‘পুণ্যকোটি দট্টু যোজনা’ আৰম্ভ কৰিছে আৰু যোজনাত কৰ্মচাৰীয়ে দিয়াএদিনৰ দৰমহা এককালীন বৰঙনি ৰুপে প্ৰদান কৰিব ৷ ইতিমধ্যে চৰকাৰে ৰূপায়িত কৰিবলগীয়া এই আঁচনিৰ বাবে চৰকাৰী কৰ্মচাৰীয়ে চলিত মাহৰ এদিনৰ দৰমহা দিব।

উল্লেখ্য যে কৰ্ণাটক চৰকাৰে শেহতীয়াকৈ জাৰি কৰা নিৰ্দেশনা অনুসৰি কৰ্মচাৰী সকলৰ দ্বাৰা এদিনৰ দৰমহাৰ পৰা সংগৃহীত হ’ব আশীৰ পৰা এশ কোটি টকা ৷ আনহাতে চতুৰ্থবৰ্গ কৰ্মচাৰীক এদিনৰ দৰমহা কৰ্তনৰ পৰা ৰেহাই দিয়া হৈছে ৷

বিজেপি চৰকাৰ খনৰ মুখ্যমন্ত্ৰী বাসৱৰাজ মোম্বাইয়ে বিধানসভা অধিবেশনত উদ্থাপন কৰা বাজেটত’পুণ্যকোটি দট্টু যোজনা’ প্ৰৰ্ৱতনৰ কথা উল্লেখ কৰিছিল ৷

ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ পৰা সংগৃহীত এশকোটি টকা ব্যয় কৰিব চৰকাৰী গো- শালাত৷একেদৰে গৰু- ম’হ পালকৰ উন্নয়নটো ব্যয় কৰা হ’ব বুলি সদৰি কৰে মুখ্যমন্ত্ৰী মোম্বাইয়ে ৷

Exit mobile version