Mobile Ban : দেশৰ এই গাঁৱত শিশু কিশোৰীসকলৰ মোবাইল ব্যৱহাৰ নিষিদ্ধ !

b928f75c e1df 4088 829b c2f93ab6a112

Mobile Ban :

শিশু আৰু কিশোৰসকলৰ মাজত মোবাইলৰ আসক্তি বৃদ্ধি পাইছে। ফলস্বৰূপে, এই দেশৰ এখন গাওঁয়ে তেওঁলোকক এই আসক্তিৰ পৰা মুক্ত কৰিবলৈ এক নতুন পদক্ষেপ লৈছে । কৰোৱাৰ হাতত মোবাইল দেখিলে বা মোবাইল লৈ যদি গেম খেলিলেই জৰিমনা আৰোপ কৰিছে পঞ্চায়তে।

কিছুমানে গেম খেলাত ব্যস্ত থাকে, কিছুমান ইণ্টাৰনেটত ব্যস্ত থাকে । গাওঁখনৰ শিশু-কিশোৰীসকলৰ মাজত এই আসক্তি দেখি পঞ্চায়ত প্ৰধানে স্পষ্টভাৱে নিৰ্দেশ দিছে যে যদি কোনোবাই এই নিয়ম উলংঘা কৰে, তেন্তে শিশু বা কিশোৰৰ পৰিয়ালে জৰিমনা পৰিশোধ কৰিব লাগিব।

মহাৰাষ্ট্ৰৰ যৱতমল জিলাৰ বংশী গাঁৱত ১১ নৱেম্বৰত এখন সভাৰ আয়োজন কৰা হৈছিল। পঞ্চায়তৰ মুৰব্বী গজানন তালে কয় যে গাওঁখনৰ শিশু আৰু কিশোৰ-কিশোৰীসকল যিদৰে মোবাইল ফোনত মগ্ন হৈ আছে, তেওঁলোকে তেওঁলোকৰ শিক্ষাৰ লগতে তেওঁলোকৰ স্বাস্থ্য আৰু মানসিক দিশবোৰ প্ৰভাৱিত কৰিছে।যিটো অতি চিন্তাৰ বিষয়।

সেয়েহে, পঞ্চায়তে এতিয়াৰ পৰা গাওঁখনত শিশু আৰু কিশোৰ-কিশোৰীসকলৰ দ্বাৰা মোবাইল ফোন ব্যৱহাৰ নিষিদ্ধ কৰিছে। যদি কোনোবাই আদেশ অমান্য কৰে, তেন্তে ২০০ টকাৰ জৰিমনা পৰিশোধ কৰিব লাগিব বুলি পঞ্চায়ত প্ৰধানে কয়।

তেওঁ কয়,”এনে নিয়ম প্ৰৱৰ্তন কৰাত কিছু সমস্যা হ’ব পাৰে। কিন্তু আমি এই সন্দৰ্ভত নিয়মীয়া শুনানিৰ ব্যৱস্থা কৰিম। গাওঁখনৰ এজন ছাত্ৰ আশীষ দেশমুখে সংবাদ মাধ্যমৰ আগত কয়, “এইটো এটা ডাঙৰ পদক্ষেপ। শিক্ষাৰ্থীসকলৰ মাজত এটা ভাল অভ্যাস সৃষ্টি হ’ব। অভিভাৱকসকলেও এই ক্ষেত্ৰত সহায় কৰিবলৈ আগবাঢ়ি আহিছে, পঞ্চায়ত প্ৰধানে কয়।

Exit mobile version