Qatar : কাটাৰ বিশ্বকাপত ফুটবলাৰৰ প্ৰেমিকা , জীৱন সংগীনিৰ বাবে সাজু কৰিছে ১০ হাজাৰ কোটি টকাৰ বিলাসী জাহাজ 

কি আছে এই প্ৰাসাদোপম জাহাজত

16d0c0e0 761a 4e1c 9948 27e4e8ee65e5

Qatar :

সমাগত কাটাৰ বিশ্বকাপ ফুটবল । প্ৰতিযোগিতাৰ সমান্তৰালকৈ ফুটবলাৰৰ পত্নী- বান্ধৱীক ৰাখিবলৈ সাজু কৰা হৈছে এক বিশাল প্ৰাসাদোপম জাহাজ । দোহাৰ বন্দৰত নিৰ্মাণ কৰা এই জাহাজখনত মুঠ ব্যয় হৈছে প্ৰায় ৯৭০৫ কোটি টকা । এই ব্যয়ৰ হিচাপ দেখি এতিয়া সমগ্ৰ দেশখনত বিতৰ্কৰ জোৱাৰ উঠিছে ।

বিশেষকৈ এই বিলাহ বহুল জাহাজখন নিৰ্মাণ কৰাত জড়িত হৈ আছে হাজাৰ শ্ৰমিকৰ তেজ-ঘাম । প্ৰাপ্ত খবৰ অনুসৰি , এই শ্ৰমিক সকলক দাসৰ দৰে ব্যৱহাৰ কৰিছে কাটাৰ বিশ্বকাপ সন্থাই তথা কাটাৰৰ চৰকাৰে । কম মজুৰিতে দিনৰ পিছত দিন ধৰি শ্ৰমদান কৰিছে এইসকল শ্ৰমিকে ।

স্পেইনৰ এটা মানৱ অধিকাৰ সংস্থাৰ দাবী যে, কিউবাৰ পৰা অনা এইসকল শ্ৰমিকৰ লগত অত্যাচাৰ কৰা হৈছে । থাকিবলৈ দিয়া হৈছে এক অস্বাস্থ্যকৰ পৰিবেশত । নিৰ্ধাৰিত সময়তকৈ বেছি কাম কৰোৱাইছে এই শ্ৰমিকসকলক । আনকি তেওঁলোকৰ পৰা পাচপৰ্টও কাঢ়ি লোৱা হৈছে ।

কম বেতনত খটোৱা এইসকল শ্ৰমিকক মাহিলী হাজাৰ টকাও দিয়া নাই সংস্থাটোৱে । তেনেক্ষেত্ৰত বহুজনে মধ্যযুগৰ দাস প্ৰথাৰ সৈতে তুলনা কৰিছে কাটাৰৰ এই কৰ্মক । তেনেক্ষেত্ৰত কাটাৰ চৰকাৰৰ এই কাৰ্যক সমালোচনা কৰি এইবূলিও কৈছে যে, কাটাৰ চৰকাৰে এচিয়াৰ পৰা আমদানি কৰা শ্ৰমিকৰ হতুৱাই ষ্টেডিয়াম, ৰাস্তা ,ৰেলপথ আদিও নিৰ্মাণ কৰি লৈছে ।

ইতিমধ্যে ইংলেণ্ডৰ ফুটবল তাৰকাসকল কাটাৰত গৈ উপস্থিত হৈছে । লাহে লাহে পত্নী-প্ৰেমিকাসকলো উপস্থিত হৈছে । যদিও এইমুহূৰ্তত খেলুৱৈ সকলক প্ৰেমিকা বা পত্নীৰ লগত থকাৰ অনুমতি দিয়া হোৱা নাই । তথাপি কাটাৰ চৰকাৰে এইসকলক ৰাখিবলৈ এই বিলাসবহুল জাহাজত ব্যৱস্থা কৰিছে ।

কাটাৰৰ ৰাজধানী চহৰ দোহাৰ সমুদ্ৰ তীৰত নিৰ্মাণ কৰা এই জাহাজত সকলোধৰণৰ আধুনিক সা-সৰঞ্জামৰ ব্যৱস্থা কৰা হৈছে । যিখিনি দেখি আচৰিত হৈছে সমগ্র বিশ্ববাসী । খবৰ অনুসৰি এই প্ৰাসাদোপম জাহাজ খনত শ্বপিং মল, স্পাৰ বিভিন্ন পৰিসেৱা , আমোদ-প্ৰমোদ তথা বিনোদনৰ সকলো ব্যৱস্থা উপলব্ধ কৰা হৈছে ।

য’ত এটা ৰাতিৰ বিনিময়ত ব্যয় হ’ব প্ৰায় ২,৪৩৪ পাউণ্ড অৰ্থাৎ ভাৰতীয় মুদ্ৰাত দুই লাখ ৩৫ হেজাৰ টকা । ২০১৬ চনতে এই জাহাজ নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছিল । ইটালীৰ এম এচ চি নামৰ এটা সংস্থাই এই জাহাজ নিৰ্মাণৰ দায়িত্ব লৈছিল । মুঠ ৪০০ কোটি ইউৰো ডলাৰ অৰ্থাৎ ভাৰতীয় মুদ্ৰাৰ হিচাপত ৩৩,৮৩২ কোটি ব্যয়ৰে এই প্ৰাসাদসদৃশ জাহাজখন নিৰ্মাণ কৰা হৈছে ।

খবৰ অনুসৰি ইংলেণ্ডৰ ২৬ জন তাৰকা ফুটবলাৰৰ পত্নী -বান্ধৱী প্ৰমোদতীৰত থাকিব । বিশেষ সূত্ৰত প্ৰকাশ যে , এই জাহাজত একাধিক ষ্টল , বুটিক ,শিশু সকলৰ খেলৰ স্থান , শ্বুটিং , চুইমিং পুল , সাগৰ ভ্ৰমণ কৰিবলৈ সৰু জাহাজ আদি । সমান্তৰালকৈ স্পৰ্ট কমপ্লেক্স , গাড়ী চলাচলৰ সুবিধা , ডিস্কো ,বাৰ , চিনেমা হল, ১৩ খন ৰেষ্টুৰেণ্ট , বিশ্বৰ সকলো প্ৰান্তৰ মদ এই জাহাজতে পো‌ৱা যাব ।

সকলো সুবিধাৰ বাবে তৈয়াৰ কৰা এই জাহাজখন দীঘল হৈছে ১০৯৪ ফুট, উচ্চতা ২২৩ ফুট আৰু প্ৰস্থ হৈছে ১৫৪ ফুট । মুঠ ৬,৭৬২ জন যাত্ৰী থাকিব পৰা এই জাহাজখনৰ গতি বেগ হৈছে ২২.৭ কিলোমিটাৰ । ২১ টা ডেক সমৃদ্ধ জাহাজখনত কৰ্মচাৰীৰ সংখ্যা হৈছে ২,১৩৮ জন ।

উল্লেখ্য যে, কাটাৰৰ অন্য অঞ্চলত সুৰাপান নিষিদ্ধ যদিও এই জাহাজ পানীত থাকিব কাৰণে ইয়াত মদ্যপান কৰাত কোনো বাধা নাথাকিব । ইফালে ফুটবলাৰৰ পত্নী-বান্ধৱীৰ বাবে ইয়াত বিশেষ পেকেজৰ ব্যৱস্থা কৰা হৈছে । তথ্য অনুসৰি ১৭ অনুৰ্ধ বিশ্বকাপ খেলা ফুটবলাৰ ফিল ফডেনেৰ বান্ধৱী ৰেকেকাও এই জাহাজত থকাৰ মন মেলিছে ।

এই প্ৰমোদতীৰৰ এজন কৰ্মচাৰীয়ে উল্লেখ কৰা মতে, এই জাহাজত অসাধাৰণ ব্যৱস্থা কৰা হৈছে । বিশ্বকাপ চাবলৈ ইয়াতকৈ আৰু উৎকৃষ্ট ঠাই কতো নোলাব । য’ত মদ্যপানৰ কোনো অসুবিধাৰ নথকাৰ লগতে দোহাৰ অন্য ঠাইত ৰৌদ্ৰস্নানৰ অনুমতি নাই যদিও ইয়াত সকলো ব্যৱস্থা উপলব্ধ কৰা হৈছে ।

পৰিতাপৰ কথা হৈছে যে, ফুটবলাৰসকলে নিজেই হয়তো পত্নী-প্ৰেমিকাক সাক্ষাৎ কৰিব নোৱাৰিব । যিহেতু সকলো খেলুৱৈক ক’ভিড বিধিৰ নিৰীক্ষণত ৰখা হ’ব । বিপৰীতে পত্নী তথা বান্ধৱী সকলৰ বাবে কোনো ক’ভিড বিধি প্ৰযোজ্য নহ’ব ।

যিহেতু ক’ভিড বিধি উলংঘন কৰিলে ৬০০ পাউণ্ড তথা ভাৰতীয় মুদ্ৰাৰ হিচাপত পাঁচ লাখ ৭৯ হাজাৰ টকা জৰিমনা ভৰিব লাগিব । অৱশ্যে ইংলেণ্ডৰ নিজৰ লোকৰ ক্ষেত্ৰত এই জৰিমনা কম হ’ব ।

Exit mobile version