Zubeen Garg birthday : জীৱনৰ পঞ্চাশটা বৰ্ষত ভৰি দিলে যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গ

জুবিন ফেন ক্লাৱৰ উদ্যোগত যোৰহাটত ওপজাদিনৰ বিশেষ আয়োজন

WhatsApp Image 2022 11 18 at 12.14.18

Zubeen Garg birthday :
যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ কন্ঠশিল্পী জুবিন গাৰ্গৰ আজি জীৱনৰ হাফ চেন্সুৰী অৰ্থাৎ পঞ্চাশ সংখ্যক ওপজাদিন । হাৰ্টথ্ৰৱ গৰাকীৰ অলেখ গুণমুগ্ধ আৰু অনুৰাগীয়ে তেওঁ ধৰালৈ অহা দিনটো একক আৰু অনন্য হিচাপে উদযাপনৰ ব্যাপক প্ৰস্তুতি চলাইছে ৷

 

আনহাতে জুবিন ফেন ক্লাবে প্ৰতিবছৰে বিভিন্ন কাৰ্যসূচীৰে শিল্পী গৰাকীৰ ওপজাদিনটো এক ব্যতিক্ৰমী কাৰ্যসূচীৰে আয়োজন কৰি অহাৰ দৰে এইবাৰো শিক্ষানগৰী যোৰহাটত জুবিনৰ জন্মদিনটো বৃহৎ আকাৰে আয়োজন কৰিছে জুবিন ফেন ক্লাবে।

যোৰহাটৰ কোৰ্ট ফিল্ডত সদৌ অসম জুবিন ফেন ক্লাৱে জুবিন গাৰ্গৰ ৫০তম জন্মদিন উদযাপন কৰিব। ইতিমধ্যে বৃহস্পতিবাৰেই যোৰহাটত উপস্থিত হয় জুবিনৰ সহধৰ্মিনী গৰিমা শইকীয়া গাৰ্গ ৷ আজি অনুষ্ঠানত উপস্থিত থাকিব স্বয়ং জুবিন গাৰ্গ ৷

জুবিন গাৰ্গৰ অনুৰাগীয়ে তেওঁৰ ৫০তম জন্মদিনক সোণালী বৰ্ষ হিচাপে উদযাপন লক্ষ্যস্থিৰ কৰি প্ৰায় ২২.৬ কেজি ওজনৰ এটা কেক প্ৰস্তুত কৰিছে  ৷

জুবিনে নিজেই কেকটো কাটি জন্মদিনৰ শুভাৰম্ভ কৰিব ৷ স্মতৰ্ৱ্য যে যোৰহাটত নিশা বাৰ বজাত জুবিন অনুৰাগী সকলে কেককাটি উদযাপন কৰে জন্মদিন ৷

উল্লেখ্য যে যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰ’ৱ গৰাকীৰ জন্মদিনৰ দিনা তেওঁৰ নতুন গীত ‘জিলিকি জিলিকা’ মুক্তি পাব। নিজৰ জন্মদিনত এই নতুন গীতেৰে তেওঁ নিজৰ অনুৰাগীসকলক আগবঢ়াব এক উপহাৰ।

মনকৰিবলগীয়া যে জনপ্ৰিয় শিল্পী গৰাকীৰ ওপজাদিনটো ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে দেশৰ ভিন্ন প্ৰান্তটো তেওঁৰ অনুৰাগী সকলে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰিছে ৷

Exit mobile version