Cattle seized: যোৰাবাটত চোৰাং গৰু সহ এজনক আটক

WhatsApp Image 2022 11 19 at 21.32.36 1

Cattle seized :
ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে গৰুৰ চোৰাং সৰবৰাহ ৷ বহি:ৰাজ্যলৈ চোৰাংকৈ গৰু কঢ়িয়াই নিয়া এখন মিনি ট্ৰাকসহ এজনক আটক কৰে বশিষ্ট আৰক্ষীয়ে ৷

নগাঁৱৰ পৰা এএছ০১জি এছ ৬৭২৯নম্বৰৰ বলেৰ’মিনি ট্ৰাক এখনে দহটাকৈ গৰু বৰ্ণহাটৰ চৈধ্য মাইললৈ নি থকা পথত বশিষ্ট আৰক্ষীয়ে যোৰাবাটত জব্দ কৰি তালাচী চলায় ৷ জব্দকৃত ট্ৰাক খনৰ পৰা উদ্ধাৰ হয় দহটাকৈ চোৰা গৰু ৷

আৰক্ষীয়ে গৰু সৰবৰাহৰ লগত জড়িত থকাৰ অভিযোগত নগাঁৱৰ জুৰীয়াৰ আনাৰুল হক নামৰ যুৱজনক আটক কৰাৰ লগতে তেওঁ ব্যৱহাৰ কৰা এএছ০১ ই২০৩৫৫ নম্বৰৰ মাৰুটি এক্স এল বাহন খনো জব্দ কৰে ৷

ইতিমধ্যে বশিষ্ট আৰক্ষীয়ে অধিক তথ্যৰ বাবে অব্যাহত ৰাখিছে জেৰা ৷

Exit mobile version