Cattle Theft In Mankachar : গৰু চুৰিৰ নতুন কৌশল

যাত্ৰীবাহী নৈশ বাছত সৰবৰাহ কৰা চোৰাং গৰু জব্দ

WhatsApp Image 2022 11 19 at 13.32.22

Cattle Theft In Mankachar :

ৰাজ্যৰ ইমুৰৰ পৰা সিমুৰলৈ দিনক দিনে বৃদ্ধি পাইছে গৰুৰ চোৰাং সৰবৰাহ ৷ গৰুৰ চোৰাং সৰবৰাহ ৰোধ কৰিবলৈ ৰাজ্য চৰকাৰে কঠোৰ স্থিতি প্ৰদৰ্শন কৰি অহাৰ পিছতো চোৰাং গৰু সৰবৰাহকাৰীয়ে সলাইছে ন ন কৌশল ৷

গৰুৰ চোৰাং সৰবৰাহকাৰীয়ে ট্ৰাক বা অন্য সৰু সৰু বাহনৰ পৰিৰ্ৱতে শেহতীয়াকৈ সৰবৰাহত ব্যৱহাৰ কৰিছে যাত্ৰীবাহী বাহন ৷
মানকাচাৰৰ কালাপানীত যোৱা নিশা আৰক্ষীয়ে জব্দ কৰে এখন যাত্ৰীবাহী বাছ ৷ বাছ খনত যাত্ৰীৰ পৰিৰ্ৱতে আছিল চোৰাং গৰু ৷

সংগোপনে গৰু নি থকাৰ বিষয়ে আৰক্ষীয়ে বিশেষ সূত্ৰে গম পাই কালাপানীত বাছ খনত তালাচী চলাই চোৰাং গৰু কেইটা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

এই সন্দৰ্ভত আৰক্ষীয়ে আটক কৰে বাছখনৰ চালকজনক আটক কৰি অব্যাহত ৰাখিছে জেৰা

Exit mobile version