Cattle Theft In Mankachar :
ৰাজ্যৰ ইমুৰৰ পৰা সিমুৰলৈ দিনক দিনে বৃদ্ধি পাইছে গৰুৰ চোৰাং সৰবৰাহ ৷ গৰুৰ চোৰাং সৰবৰাহ ৰোধ কৰিবলৈ ৰাজ্য চৰকাৰে কঠোৰ স্থিতি প্ৰদৰ্শন কৰি অহাৰ পিছতো চোৰাং গৰু সৰবৰাহকাৰীয়ে সলাইছে ন ন কৌশল ৷
মানকাচাৰৰ কালাপানীত যোৱা নিশা আৰক্ষীয়ে জব্দ কৰে এখন যাত্ৰীবাহী বাছ ৷ বাছ খনত যাত্ৰীৰ পৰিৰ্ৱতে আছিল চোৰাং গৰু ৷
সংগোপনে গৰু নি থকাৰ বিষয়ে আৰক্ষীয়ে বিশেষ সূত্ৰে গম পাই কালাপানীত বাছ খনত তালাচী চলাই চোৰাং গৰু কেইটা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷
এই সন্দৰ্ভত আৰক্ষীয়ে আটক কৰে বাছখনৰ চালকজনক আটক কৰি অব্যাহত ৰাখিছে জেৰা ৷