fetal alcohol syndrome : ফিটেল এলক’হল ছিণ্ড্ৰ’ম কি ?

161128 drinking alcohol jpo 108p

Fetal alcohol syndrome :

মদ্যপায়ীসকলে সততে যিবোৰ সমস্যাৰ সন্মুখীন হয় সেইবাৰৰ ভিতৰত অন্যতম হল ‘ফিটেল এলক’হল ছিণ্ড্ৰ’ম। শিৰোনামৰ পৰাই অনুমান কৰিব পাৰি ইয়াৰ অৰ্থ। অৱশ্যে এয়া মদপীৰ ওপৰত পৰা সমস্যা বুলি ক’লে ভুল হ’ব।

মদ্যপানৰ ফলত সন্তানৰ ওপৰত পৰা প্ৰভাৱ বুলি ক’লেহে শুদ্ধ হ’ব। যেতিয়া গৰ্ভধাৰণ কৰা মহিলাই মদ্যপান কৰাৰ ফল প্রত্যক্ষ অথবা পৰোক্ষভাৱে সন্তানৰ ওপৰতো পৰাৰ আশংকা থাকে।

গৰ্ভৱতী মহিলাই যদিহে সদায় এবাৰ বা দুবাৰ মদ খায় তেতিয়াহ’লে ইয়াৰ প্রত্যক্ষ প্ৰভাৱ পৰাটো নিশ্চিত। যেতিয়া এইবিধ ৰোগে গা কৰি উঠে তেতিয়া কিছুমান বিশেষ লক্ষণ ফুটি উঠে। এই লক্ষণসমূহৰ ভিতৰত অন্যতম হ’ল—

*গৰ্ভস্থ ভ্রূণটোৰ স্বাভাৱিক বিকাশত ব্যাঘাত জন্মে।

*বিকৃত আকাৰৰ হোৱাৰ আশংকাই অধিক।

*সাধাৰণতে ভ্রূণটোৰ স্বাভাৱিক বিকাশ যিদৰে হ’ব লাগে তেনেদৰে নহয়।

*সচৰাচৰ এনে ৰোগত আক্রান্ত শিশুৰ মূৰৰ আকাৰ সৰু হয়। মূৰৰ আকৃতিটো অস্বাভাৱিকতা দেখা যায়।

*এই ৰোগত আক্ৰান্তজনৰ শৰীৰৰ বিভিন্ন অংগ-প্ৰত্যংগৰ গঠনতো বিকৃত হয়। বিশেষকৈ হৃদযন্ত্র, বৃক্ক, মূত্রাশয় আদিৰ গঠনতো অস্বাভাৱিকতা দেখা যায়।

Exit mobile version