India Book of Records : দুবছৰতে মুখস্থ সকলো ৰাজ্যৰ ৰাজধনীৰ নাম

0de74719 786f 4e3f ba3f 5f56caf66838

India Book of Records :

এতিয়াও পঢ়া-শুনা আৰম্ভ কৰা নাই। মাত্র দুবছৰ আঠ মাহ বয়সত নিজৰ নামটো ভালদৰে উচ্চাৰণ কৰাটোতো দূৰৰে কথা, অধিকাংশ শিশুৰে মাতো ভালদৰে নুফুটে।

অথচ এই বয়সতে দেশৰ সকলো ৰাজ্যৰ ৰাজধানীৰ নাম মুখস্থ পশ্চিমবংগৰ ছোদপুৰ অমৰাৱতীৰ ৰিহান দাস নামৰ শিশুটিৰ। কেৱল সেয়াই নহয়, বিভিন্ন দেশৰ জাতীয় পতাকাও শিশুটিয়ে কেইটামান ছেকেণ্ডৰ ভিতৰতে অনায়াসে চিহ্নিত কৰিব পাৰে।

কণমানি শিশুটিৰ এই প্রতিভাই সম্প্রতি স্থানীয় লোকসকলক আচৰিত কৰি তুলিছে। আনকি ইতিমধ্যেই ৰিহানৰ নাম অন্তর্ভুক্ত হৈছে ‘ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ’ত। ৰিহানৰ পৰিয়ালৰ সূত্ৰই জনাইছে যে দুবছৰ বয়সৰ পৰাই শিশুটিয়ে কথা ক’বলৈ আৰম্ভ কৰে।

তেতিয়াৰ পৰাই মাকে খেলাৰ চলেৰে কণমানিটিৰ স’তে সাধাৰণ জ্ঞান শিকাবলৈ আৰম্ভ কৰিছিল। তেতিয়াই পৰিয়ালৰ সদস্যসকলে লক্ষ্য কৰে যে কিবা এটা বস্তু এবাৰ পঢ়িলে ৰিহানে নাপাহৰে। শিশুটিৰ এই বিৰল প্রতিভা উপলব্ধি কৰিব পাৰি মাকে ৰিহানক সাধাৰণ জ্ঞানসহ অন্যান্য বিষয়ো খেলাৰ চলেৰে পঢ়ুৱাবলৈ আৰম্ভ কৰে।

এইদৰেই কিছু মাহৰ ভিতৰতে সাধাৰণ জ্ঞানৰ ভাণ্ডাৰ বাঢ়ি যায় ৰিহানৰ। মাজে-মধ্যে মাকে সন্তানৰ সাধাৰণ জ্ঞান কিমান মনত আছে সেয়া চোৱাৰ বাবে খেলাৰ চলেৰে পৰীক্ষাও লৈছিল। দেখা যায় যে শিশুটিক প্রশ্ন কৰিলে দেশৰ সকলো ৰাজ্যৰ ৰাজধানীৰ নাম সলসলিয়াকৈ কৈ যাব পাৰে।

বিভিন্ন দেশৰ জাতীয় পতাকাও কেই ছেকেণ্ড মানৰ ভিতৰতে চিহ্নিত কৰিব পাৰে। এই সাফল্য দেখি মাকে সন্তানৰ প্ৰতিভাৰ বিষয়ে পৰিয়ালৰ লোকক অৱগত কৰে। তাৰ পাছতে ৰিহানৰ এই বিৰল প্ৰতিভাক সকলোৰে আগত দাঙি ধৰাৰ উদ্দেশ্যে পৰিয়ালৰ তৰফৰ পৰা ‘ইণ্ডিয়া বুক অৱ ইণ্ডিয়া’ কৰ্তৃপক্ষৰে যোগাযোগ কৰা হয়।

নির্দিষ্ট নিয়মত পৰীক্ষা দিয়াৰ পাছত অতি সহজতে উত্তীর্ণ হয় ৰিহান। প্রাপ্ত তথ্য অনুসৰি, ৰিহানে এই ক্ষেত্ৰত তিনি বছৰ বয়সৰ এটি শিশুৰ অভিলেখ ভংগ কৰিবলৈ ওলাইছে। স্বাভাৱিকতে শিশুটিৰ এই সাফল্যত পৰিয়ালটো উচ্ছ্বসিত হৈ পৰিছে। এই সন্দৰ্ভত ৰিহানৰ মাতৃ পম্পা দাসে কয়, ‘খেলাৰ চলেৰেই ল’ৰাটোক শিকাইছিলো। এইদৰেই ল’ৰাটোৰ শিকাৰ আগ্ৰহ বাঢ়ি যায়।

তেতিয়াই লক্ষ্য কৰিলো যে সাধাৰণ জ্ঞানৰ উত্তৰ অতি সহজে দিব পাৰে ৰিহানে। ইয়াৰ পাছতে ‘ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ’ত আবেদন জনোৱাৰ কথাটো মনলৈ আহে।’ শিশুটিৰ এই বিৰল প্ৰতিভাই আন শিশুকো উৎসাহিত কৰিব বুলি আশা কৰিছে প্রতিবেশী লোকে।

প্রশংসাত পঞ্চমুখ এজন প্রতিবেশীয়ে কয়, ‘এই বয়সত বহুতে ভালদৰে এবিচিডি ক’ব নোৱাৰে। অথচ দেশৰ সকলো ৰাজ্যৰ ৰাজধানীৰ নাম ৰিহানৰ ওঁঠতে আছে।’

Exit mobile version