Refrigerator Smell Remover : ফ্ৰিজৰ পৰা বাহিৰ হোৱা দুৰ্গন্ধ কেনেকৈ নিৰাময় কৰিব ? জানক আৰু পঢ়ক –

dfe89f4e 94f1 4092 986d ac990732a1c1

Refrigerator Smell Remover :

আপোনাৰ ফ্ৰিজটো খুলিলেই বেয়া গোন্ধ বাহিৰ হৈ নেকি ? আচলতে ফ্ৰিজত বহুত দিন খাদ্য ৰাখি থলে বা গেলি যোৱা শাক-পাচলি থাকিলে গোন্ধ বাহিৰ হোৱাটো এক স্বাভাৱিক কথা ।

তেনেক্ষেত্ৰত আপোনাৰ ফ্ৰিজটো নিয়মিত পৰিষ্কাৰ কৰাটো খুবেই জৰুৰী । গতিকে আজি আমি আপোনালোকক ফ্ৰিজৰ পৰা দুৰ্গন্ধ বাহিৰ নহ’বলৈ কেইটামান টিপছ দিম ।

১/ ফ্ৰিজৰ ভিতৰত দুই বা তিনি টুকুৰা পাউৰুটি ৰাখক । যিহেতু পাউৰুটিয়ে ফ্ৰিজৰ পৰা নিৰ্গত হোৱা গোন্ধ শোষণ কৰে ।

২/ কমলাৰ ৰস পানীত মিহলাই ফ্ৰিজ চাফা কৰিলে ফ্ৰিজৰ সকলো বেয়া গেছ নাইকীয়া হয় । অৱশ্যে কমলাৰ পৰিৱৰ্তে পদিনাৰ ৰসো ব্যৱহাৰ কৰিব পাৰি । নতুবা কমলাৰ বাকলি ফ্ৰিজৰ ভিতৰত ৰাখিলে ফ্ৰিজৰ বেয়া গোন্ধ প্ৰতিৰোধ হয় ।

৩/ এটা পাত্ৰত অলপ চ’ডা ৰাখি ফ্ৰিজত থলেও ফ্ৰিজৰ বেয়া গোন্ধ দূৰ হয় ।

৪/ একেদৰে এটা পাত্ৰত কফি লৈ ফ্ৰিজত থৈ দিলেও বেয়া গোন্ধ দূৰ হয় । যিহেতু কফিৰ তীব্ৰ গোন্ধে সকলো দুৰ্গন্ধ নাইকীয়া কৰাত সহায় কৰে ।

৫/ এটুকুৰা আপেল ভিনেগাৰত তিয়াই ৰাখিলেও ফ্ৰিজৰ দুৰ্গন্ধ দূৰ হয় ।

Exit mobile version