Banana leaf : কলপাত ব্যৱহাৰ কৰক আৰু বহু ৰোগৰ পৰা বাচি থাকক ; জানিবলৈ পঢ়ক—

66e2334e b9bd 480a 9f83 8c11ba0b0bf6

Banana leaf :

কলপাতত আহাৰ খোৱা অভ্যাস ভাৰতীয় সমাজত বহুত প্ৰাচীন কালৰে পৰা চলি আহিছে । বিশেষকৈ দক্ষিণ  ভাৰতত কলপাতত খোৱা পৰম্পৰাক পবিত্র বুলি গণ্য কৰি আহিছে ।

অসমীয়া সমাজতো কোনো মাংগলিক অনুষ্ঠানত কলপাত ব্যৱহাৰ কৰা হয় । কিন্তু আমি বহুতেই হয়তো ইয়াৰ উপকাৰী গুণৰ কথা নেজানো । ই স্বাস্থ্য তথা জীৱন যাত্ৰাৰ প্ৰাচীন ঐতিহ্যক প্ৰতিনিধিত্ব কৰি আহিছে । আজিকালি আধুনিক ব্যৱস্থাতো কোনো অনুষ্ঠানত কলপাতৰ বিভিন্ন বাচন ব্যৱহাৰ কৰা দেখা যায় ।

বিপৰীতে দক্ষিণ ভাৰতত অতীজৰ পৰা বৰ্তমানলৈকে আহাৰ খাবলৈ কলপাত ব্যৱহাৰ কৰি আহিছে । কলপাত ব্যৱহাৰৰ সম্পৰ্কত স্বাস্থ্য বিশেষজ্ঞ সকলে কৈছে যে, কলপাতত আহাৰ খালে বিভিন্ন ৰোগৰ পৰা ৰক্ষা পৰিব পাৰি । ইয়াৰ উপকাৰিতা সমূহ হৈছে –

১/ কলপাতত প্ৰচুৰ পৰিমাণে এন্টি অক্সিডেন্ট থাকে । যি শৰীৰত ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা বৃদ্ধি কৰাৰ লগতে সংক্ৰমণ হ’ব পৰা ৰোগৰ পৰা বচাই ৰাখে ।

২/ কলপাতত থকা এন্টি বেক্টেৰিয়েল গুণে অস্বাস্থ্যকৰ বেক্টেৰিয়া ধ্বংস কৰি ৰোগ প্ৰতিৰোধ কৰে । আনহাতে প্লাষ্টিকৰ বাচনত আহাৰ খালে অস্বাস্থ্যকৰ বেক্টেৰিয়া ধ্বংস নহয় আৰু ই বিভিন্ন ৰোগক আমন্ত্ৰণ জনোৱাৰ সম্ভাৱনা বৃদ্ধি কৰে ।

৩/ কলপাতত আহাৰ খালে কোষ্ঠকাঠিন্য, বদহজম , গেছৰ সমস্যাৰ পৰাও মুক্তি পাব পাৰি । বি: দ্ৰ: এই প্ৰতিবেদনটি ঘৰুৱা তথ্যৰ ওপৰত নিৰ্ভৰ কৰি যুগুত কৰা হৈছে । অধিক জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো জৰুৰী ।

Exit mobile version