Mobile Phone : অচিনাকি কলৰ চিনাক্তৰ বাবে এতিয়াৰ পৰা আৰু ট্ৰুকলাৰ নেলাগে

deda7123 f7b9 4c74 b766 5409fdfbcf64 1

Mobile Phone :  আপোনাৰ ফোনত যদি ট্ৰুকলাৰ নাই , তেন্তে আপুনি অচিনাকি ফোন কল চিনাক্ত কৰিব নোৱাৰে । কিন্তু এতিয়া আৰু ট্ৰুকলাৰ এপ ডাউনলোড নকৰিলেও হ’ব । শীঘ্ৰে এই সমস্যাৰ অন্ত পেলাবলৈ ভাৰতৰ টেলিকম ৰেগুলেটৰি অথৰিটি অৱ ইণ্ডিয়াই (ট্ৰাই) হাতত লৈছে এক বিশেষ ব্যৱস্থা ।

এই ব্যৱস্থাৰ যোগেদি আপোনাৰ ফোন নম্বৰত কোনো অচিনাকি ফোন কল আহিলে ফোনকৰা লোকজনৰ নামটো ওলাই আহিব । ট্ৰাইৰ তথ্য অনুসৰি দুই তিনি সপ্তাহৰ ভিতৰত এই ব্যৱস্থা আৰম্ভ হ’ব । ব্যস্ততাৰ মাজত বহু সমস্যাৰ সময়ত না-না অপ্ৰয়োজনীয় ফোন কলে আপোনাৰ কামত নিশ্চয়কৈ ব্যাঘাত জন্মায় ।

কোনোবাই অৰ্থনৈতিক লেন-দেনৰ বাবে আকৌ কোনোবাই আধাৰ কাৰ্ডৰ লিংক বিচাৰি , কোনো ব্যক্তিগত কোম্পানীৰ পৰা ফোন কৰা বুলি ব্যতিব্যস্ত কৰি তোলে । যাৰবাবে বহু মানুহ ভয়ংকৰ চাইবাৰ অপৰাধীৰ জালতো সোমাই পৰে । অৱশ্যে যিসকলে ট্ৰুকলাৰ এপ ডাউনলোড কৰি ৰাখিছে ,তেওঁলোকে সহজে কোনো বিপদত নপৰে ।

এনে সুবিধাৰ বাবেই বৰ্তমান ট্ৰুকলাৰ এপ যথেষ্ট জনপ্ৰিয় হৈ পৰিছে। যদিও এই সুবিধা ১০০% লোকে লাভ কৰাটো সম্ভৱ নহয় । কিন্তু ট্ৰায়ে আৰম্ভ কৰিব খোজা এই সুবিধাৰ বাবে ভাৰতবাসীয়ে বিশেষ এপৰ ওপৰত আৰু নিৰ্ভৰ কৰিব নেলাগে । বিভিন্ন টেলিকম অপাৰেটৰৰ ওচৰত গ্ৰাহকৰ নামৰ তালিকা থাকে ।

কোনো গ্ৰাহকে চিম লোৱাৰ সময়ত নিজৰ ব্যক্তিগত কিছু তথ্য অপাৰেটৰৰ ওচৰত জমা দিব লাগে । এই তথ্যৰ ওপৰত নিৰ্ভৰ কৰিয়েই ট্ৰায়ে আপোনাৰ ফোনলৈ অহা কলৰ বিষয়ে জ্ঞাত কৰিব পাৰিব । অৰ্থাৎ আপোনাৰ ফোনলৈ অহা কল ,কোনে কৰিছে ,এই সবিশেষ ট্ৰায়ে আপোনাক জনাই দিব । ট্ৰাইৰ এই ব্যৱস্থাই এতিয়া সঘনে হৈ থকা চাইবাৰ ক্ৰাইম , ধন হৰলুকিৰ দৰে ঘটনা ৰোধ কৰিব পাৰিব বুলি সকলোৱে মত প্ৰকাশ কৰিছে ।

Exit mobile version