Narendra Modi: ভিৰৰ মাজত মোডীৰ দৃষ্টি আকৰ্ষণ কৰিলে কিশোৰীয়ে , নিজৰ অংকন কৰা ছবি পাই আপ্লুত প্ৰধানমন্ত্ৰী

Modi 4

Narendra Modi :

ৰাস্তাৰ দুয়োফালে বহুলোকৰ ভিৰ। সকলোৰে উদ্দেশ্য প্ৰধান মন্ত্ৰীক এবাৰ ওচৰৰ পৰা চোৱা। সেই ভিৰৰ মাজত আছিল এগৰাকী ১৩ বছৰীয়া কিশোৰী । তেওঁৰ হাতত আছিল মোডীৰ এখন ছবি যিখন তেওঁ নিজে অংকন কৰিছে ।

অৱশেষত ছবিখন প্ৰধানমন্ত্ৰীক হস্তান্তৰ কৰিলে কিশোৰীগৰাকীয়ে ।সম্প্ৰতি গুজৰাটত হোৱা ৰোডশ্ব’ত দেখিবলৈ পোৱা গ’ল এই আকৰ্ষণীয় দৃশ্য ।

নিৰ্বাচনৰ বাবে মাত্ৰ কিছুদিন বাকী । এই পৰিস্থিতিত, সকলো দলে গুজৰাটত জোৰদাৰ প্ৰচাৰত ব্যস্ত হৈ আছে। বিজেপিয়ে যোৱা ছয়টা বিধানসভা নিৰ্বাচনত জয়লাভ কৰিছে। অৱশ্যে, গেৰুৱা শিবিৰে বাকী দলবোৰক প্ৰচাৰত পিছ পেলাই দিছে। মোডী-শ্বাহৰ দৰে হেভিৱেটসকলক প্ৰচাৰত দেখা গৈছে।

মোডী অনুসূচী অনুসৰি ৱাপী চহৰত উপস্থিত হয় । তেওঁৰ ৰোড শ্ব’ত উপস্থিত থাকিবলৈ শাৰী শাৰী লোক একত্ৰিত হয় ।

তাতে কিশোৰীগৰাকীয়ে ভিৰৰ মাজত থিয় হৈ আছিল। তেওঁৰ নাম আমি ভাতু । তেওঁ নিজেই অংকন কৰা এখন মোডীৰ এখন ছবি হাতত লৈ থিয় হয় । প্ৰায় চাৰি ঘণ্টা থিয় হৈ থকাৰ পাছত অৱশেষত প্ৰধানমন্ত্ৰীক দেখা পালে ।

আমিয়ে মোডীৰ নিৰাপত্তাৰক্ষীসকলক সংকেত দিবলৈ চেষ্টা কৰিছিল। কিন্তু তেওঁলোকে দেখাৰ আগতেই মোডীৰ নিজৰ চকু পৰিল। ইয়াৰ ঠিক পিছতে নিৰাপত্তাৰক্ষীসকল আহি আমিৰৰ হাতৰ পৰা ছবিখন তুলি প্ৰধানমন্ত্ৰীৰ হাতত গতাই দিয়ে।

স্বাভাৱিক ভাৱে আনন্দত মতলীয়া হৈ পৰিছে কিশোৰীগৰাকী ।তেওঁ কয় , “প্ৰধানমন্ত্ৰীয়েই মোক ৰোড শ্ব’ৰ সময়ত দেখা পাই । তেওঁহে নিৰাপত্তাৰক্ষীসকলক মোৰ পৰা ছবিখন আনিবলৈ নিৰ্দেশ দিয়ে । মই সন্মানিত অনুভৱ কৰো। “সৰু ছোৱালীজনীৰ মুখখনত যেন যুদ্ধবিজয়ী হাঁহি ।

শেহতীয়াকৈ, মোডীক গুজৰাটত বাৰে বাৰে দেখা গৈছে। গুজৰাটত একৰ পৰা পাঁচ ডিচেম্বৰৰ ভিতৰত দুটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব।

Exit mobile version