Danger Accident : কুঁৱলিৰ বাবে ভয়ংকৰ দুৰ্ঘটনা

ভয়ংকৰ পথ দুৰ্ঘটনা ! দুৰ্ঘটনাত ক্ষতিগ্ৰস্ত ৪৫ খনকৈ বাহত , আহত ৩০ৰো অধিক

WhatsApp Image 2022 11 21 at 13.31.10

Danger Accident :
মহাৰাষ্ট্ৰৰ পুনেত দেওবাৰে সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাটোত ক্ষতিগ্ৰস্ত হয় প্ৰায় ৪৫ খন বাহন ৷

পুনেৰ নাভালে ব্ৰীজৰ বাংগালোৰু-মুম্বাই ঘাইপথত সংঘটিত হয দুৰ্ঘটনাটো ৷ প্ৰাপ্ত খবৰ অনুসৰি দ্ৰুতগতিত অহা ট্ৰাক এখনে নিয়ন্ত্ৰণ হেৰুৱাই এফালৰ পৰা মহতিয়াই নিয়ে বহু সংখ্যক বাহন ৷

ঘটনাটোত ক্ষতিগ্ৰস্ত হয় প্ৰায় ৪৫ খনকৈ বাহন ৷ আনহাতে ঘটনাৰ খবৰ পাই ঘটনাস্থলীত উপস্থিত হোৱা পুনে অগ্নিনিৰ্বাপক বাহিনী আৰু আৰক্ষী জোৱানে বাহন সমূহত থকা প্ৰায় অৰ্ধ শতাধিক লোকক উদ্ধাৰ কৰে ৷

ইয়াৰে ত্ৰিশজন লোক গুৰুত্বভাৱে আহত ৷ আহত সকলক লগে লগে পুনে হাস্পতাললৈ প্ৰেৰণ কৰে ৷ আনহাতে দুৰ্ঘটনা সংঘটিত কৰা চালকজনক আৰক্ষীয়ে আটক কৰি তদন্ত আৰম্ভ কৰিছে ৷

Exit mobile version