Guwahti firing :মহানগৰীত দিন দুপৰতে গুলীচালনাৰ ঘটনা

দুৰ্বৃত্তৰ গুলীত নিহত ৰঞ্জিত বৰা নামৰ ব্যৱসায়ী

WhatsApp Image 2022 11 21 at 14.24.32

Guwahti firing:
মহানগৰীৰ মাজমজিয়াত দিন দুপৰতে গুলীচালনাৰ ঘটনা ৷ দুৰ্বৃত্তৰ নিৰ্বিচাৰ গুলীচালনাত থিতাতে নিহত এজন ব্যৱসায়ী ৷

আজি দুপৰীয়া পাঞ্জাবাৰীৰ আই চি আই চি আই বেংকত ধন জমা কৰিবলৈ আহিছিল ৰঞ্জিত বৰা নামৰ পূৰবী ডায়েৰীৰ বিতৰকজন ৷ নিজৰ এএছ০২-বিএইছ৫০২৩ নম্বৰৰ চাৰিচকীয়া বাহন খন বেংকৰ সমীপত ৰখাব লওতেই বাইকত অহা দুৰ্বৃত্তই শূন্য দূৰৰ পৰা গুলীচালনা কৰে বৰাক ৷

ডিঙিত গুলীয়ে আঘাত কৰাৰ পিচতে ব্যক্তিজন তেজেৰে তুমৰলি হৈ পথতে বাগৰি কৰে৷ পিচতে স্থানীয় লোকে ততাতৈয়াকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ নিয়া হৈছিল যদিও চিকিৎসকে মৃত ঘোষণা কৰে ৷

আনহাতে দুৰ্বৃত্তই ৰঞ্জিত বৰাক গুলী কৰিয়ে তেওঁৰ লগত থকা টকা ভৰ্তি বেগটো লৈ উধাও হয় ৷ বেগটোত আছিল ২.৫০ লাখ টকা ৷ কাহিলীপাৰাৰ বাসিন্দা ৰঞ্জিত বৰা আজি দুপৰীয়া পাঞ্জাবাৰীৰ আই চি আই চি আই বেংকত ধন জমা কৰিবলৈ আহিছিল ৷

এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হোৱাৰ পিচতে পাঞ্জাবাৰীত এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয় ৷ ইতিমধ্যে ঘটনাস্থলীত মহানগৰ আৰক্ষী আয়ুক্ত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে৷ দিন দুপৰতে শ্ৰীমন্তশঙ্কৰদেৱৰ কলাক্ষেত্ৰৰ সমীপতে সংঘটিত এই ঘটনাই পুনৰ আৰক্ষীৰ তথাকথিত নিৰাপত্তাৰ নগ্ন ৰূপটো পুনৰ এবাৰ উন্মোচিত হ’ল ৷

আনহাতে মহানগৰ আৰক্ষীৰ সূত্ৰ এটিৰ পৰা জানিব পৰা মতে আৰক্ষীয়ে দুৰ্বৃত্তৰ শুংসূত্ৰ পাইছে ৷ তদন্তৰ খাতিৰত অধিক তথ্য সদৰি কৰাৰ পৰা বিৰত আছে ৷

নম্ৰ- ভদ্ৰ আৰু অমায়িক ৰঞ্জিত বৰা নামৰ পূৰবী ডেইৰিৰ বিতৰক জনক দিনৰ পোহৰতে দুৰ্বৃত্তই গুলীয়াই হত্যা কৰা কাৰ্যক গৰজি উঠিছে পূৰবী ডেইৰীৰ বিষয়া- কৰ্মচাৰী ৷

Exit mobile version