Jeff Bezos : এতিয়া টিভি- গাড়ী ক্ৰয় নকৰিব : কিয় এই পৰামৰ্শ আগবঢ়ালে এমেজনৰ মুৰব্বীয়ে?

bezos

Jeff Bezos :

আমেৰিকাসহ সমগ্ৰ বিশ্বৰ অর্থনীতিয়ে সম্প্রতি যথেষ্ট প্রত্যাহ্বানৰ সন্মুখীন হৈছে। ব্ৰিটেইনৰ লগতে আমেৰিকাতো আর্থিক মহামন্দাৰ সম্ভাৱনা প্ৰকট হৈছে।

বিশ্বখ্যাত ই-বাণিজ্য প্রতিষ্ঠান এমেজনৰ প্ৰতিষ্ঠাপক তথা বিশ্বৰ অন্যতম ধনাঢ্য ব্যক্তি জেফ বেজ’ছে (Jeff Bezos)দাবী কৰা অনুসৰি আৰ্থিক মন্দাই আমেৰিকাৰ দুৱাৰত ইতিমধ্যে টোকৰ দিছে।

বেজ’ছে আমেৰিকাবাসীক পৰামৰ্শ দি কঁয়, ‘আসন্ন ছুটিৰ দিনত টিভি, ফ্রিজ বা আন কোনো দামী সামগ্রী ক্ৰয়ৰ পৰিকল্পনা থাকিলে, সম্প্রতি সেয়া স্থগিত ৰাখক। হাতত ধন জমা ৰাখক।’ চিএনএনৰ এক সাক্ষাৎকাৰত এমেজনৰ প্ৰতিষ্ঠাপকে দাবী কৰা অনুসৰি আমেৰিকাৰ অৰ্থনীতিৰ অৱস্থা সবল নহয়।

যিকোনো সময়তে আমেৰিকাই আর্থিক মন্দাৰ সন্মুখীন হ’ব পাৰে বুলি শংকা ব্যক্ত কৰি এমেজনৰ মুৰব্বীয়ে কয় যে এনে সম্ভাব্য সংকটৰ প্ৰতি লক্ষ্য ৰাখি আমেৰিকাবাসীয়ে সম্প্ৰতি ধন ব্যয়ৰ পৰিৱৰ্তে পর্যাপ্ত ধন হাতত জমা ৰখাত গুৰুত্ব দিয়া উচিত।

বিশ্বৰ বৃহত্তম প্রতিষ্ঠানত অব্যাহত থকা কৰ্মচাৰী ছাটাইৰ প্ৰসংগ উল্লেখ কৰি বেজ’ছে লগতে কয় যে ৰাছিয়া-ইউক্রেইন যুদ্ধৰ ফলত সমগ্ৰ বিশ্বৰ অৰ্থনীতি ক্ষতিগ্ৰস্ত হৈছে। বেজ’ছে পৰামৰ্শ দি কয় যে এই মুহূর্তত আমেৰিকাবাসীয়ে ধন ব্যয়ৰ পৰিৱৰ্তে সঞ্চয়ত সৰ্বাধিক গুৰুত্ব দিয়া উচিত।

Exit mobile version