Nagaon: বান – অভূতপূৰ্ব খৰাঙৰ বিড়ম্বনা ,এফালে সোণোৱালী ধাননি আনফালে ছনপৰা পথাৰ

Nagaon :

এতিয়া আঘোণ। খেতিয়কৰ পথাৰৰ পৰা সোণগুটি চপোৱাৰ সময় সমাগত। পথাৰ সোণগুটিৰে সোণোৱালী হ’বলৈ আৰম্ভ কৰিছে। কেইদিনমান পাছতেই কৃষি প্রধান জিলা নগাঁৱৰ একাংশ কৃষক ৰাইজ ব্যস্ত হৈ পৰিব শালি ধান চপোৱাৰ কামত ৷

পথাৰসমূহ কাচিৰ খচ খচ শব্দ আৰু দাৱনীৰ হাঁহিৰে মুখৰিত হৈ পৰিব; কিন্তু সেই দৃশ্যৰ আন এক বিপৰীত দৃশ্য বিৰাজ কৰিব কৃষি প্রধান জিলাখনৰ আন কেতবোৰ অঞ্চলত। তাত শুনা পোৱা নাযাব কাচিৰ খচ খচ শব্দ, দাৱনীৰ হাঁহি। তাত ছনপৰা শালিধানৰ পথাৰলৈ চাই দুৰ্ভগীয়া কৃষক ৰাইজে আঘোণৰ বতৰতো চকুলো ঢৌকাৰ দৃশ্যহে পৰিলক্ষিত হ’ব।

মুঠতে কৃষি প্রধান জিলাখনত এইবাৰ আঘোণৰ পথাৰত ভিন্ন দুটা দৃশ্য পৰিলক্ষিত হোৱাটো নিশ্চিত হৈ পৰিছে। উল্লেখ্য যে কৃষিপ্রধান নগাঁও জিলাত মুঠ কৃষি ভূমিৰ পৰিমাণ ১,৫১,৭৪৪ হেক্টৰ। ইয়াৰে ৯৩,২৭৫ হেক্টৰ মাটিত শালিধানৰ খেতি, ৮,৭৬৫ হেক্টৰ মাটিত মৰাপাটৰ খেতি, ২৬,৩৩২ হেক্টৰ মাটিত শাক পাচলিৰ খেতি কৰে জিলাখনৰ কৃষক ৰাইজে।

এইবাৰ জিলাখনত হোৱা তিনিটাকৈ প্রলয়ংকৰী বানত জিলাখনৰ ১৯,০৬৭.১৪ হেক্টৰ শালি ধানৰ পথাৰ আক্ৰান্ত হয়। ইয়াৰ ভিতৰত আছে ধিং ৰাজহ চক্ৰৰ ৩২ হেক্টৰ, কামপুৰ ৰাজহ চক্ৰৰ ৮৩২০ হেক্টৰ, নগাঁও ৰাজহ চক্ৰৰ ৭২৮ হেক্টৰ, ৰূপহী ৰাজহ চক্ৰৰ পাঁচ হেক্টৰ আৰু চামগুৰি ৰাজহ চক্ৰৰ ১৪৮ হেক্টৰ শালি ধানৰ পথাৰ।

জিলাখনত তিনিটাকৈ বানে শালি ধানৰ খেতিসমূহ তচনচ কৰাৰ পাছতো বানাক্ৰান্ত কৃষক ৰাইজে মানসিকভাৱে ভাগি নপৰি পুনৰ শালি ধানৰ খেতি কৰিবলৈ সাজু হৈ আছিল। কিন্তু বানৰ পাছত জিলাখনত আৰম্ভ হয় অনাবৃষ্টি আৰু অভূতপূৰ্ব খৰাং। যাৰ ফলত বেয়াকৈ আক্রান্ত হ’বলগীয়া হয় কৃষক ৰাইজ।

চৰকাৰী তথ্য অনুসৰি, জিলাখনত এইবাৰ অভূতপূৰ্ব খৰাং আৰু অনাবৃষ্টিৰ কাৰণে ১১,৯৪১ হেক্টৰ মাটিত শালি ধানৰ খেতি কৰিবলৈ সক্ষম নহ’ল। এইবাৰ জিলাখনৰ ৪২১ খন গাঁৱৰ ২২,২৮৫ টা কৃষক পৰিয়াল অনাবৃষ্টি আৰু অভূতপূৰ্ব খৰাঙৰ কৱলত পৰি সৰ্বস্বান্ত হ’বলগীয়া হয়।

ফলত পানীৰ অভাৱৰ বাবেই জিলাখনৰ ১১,৯৪১ হেক্টৰ কৃষিভূমিত এইবাৰ কৃষকে শালিধানৰ খেতি কৰিবলৈ সক্ষম নহ’ল। প্রাকৃতিক দুৰ্যোগৰ বাবেই এইবাৰ কৃষি প্রধান জিলাখনৰ হেজাৰ হেজাৰ খেতিয়কে মুঠ শালিধানৰ মাটিৰ তিনি শতাংশ মাটিতেই এইবাৰ শালি ধানৰ খেতি কৰিবলৈ সক্ষম নহ’ল। ফলত ই জিলাখনৰ কৃষি অৰ্থনীতিত যে মাধমাৰ শোধাব সেয়া প্রায় নিশ্চিত।

কিয়নো জিলাখনৰ এই দুৰ্ভগীয়া কৃষকসকলৰ অধিকাংশৰেই প্রধান খেতি হৈছে শালি ধানৰ খেতি। উৎপাদিত শালি ধানৰে বছৰটোৰ বাবে চাউল যোগাৰ কৰাৰ উপৰি তেওঁলোকে অতিৰিক্ত ধান বিক্ৰী কৰি যাৱতীয় খৰচ উলিয়ায়। এইবাৰ এই কৃষকসকলে বছৰটোৱেই কিনা চাউলৰ ভাত খাবলৈ বাধ্য হ’ব। যিটো তেওঁলোকৰ বাবে অতি কষ্টসাধ্য হৈ পৰিব বুলি একাংশ ভুক্তভোগী কৃষকে মন্তব্য কৰিছে।

জিলাখনত বিয়াগোম জলসিঞ্চন বিভাগ আছে যদিও বিভাগটো কৃষক ৰাইজৰ বাবে বগাহাতী হোৱাৰ বিপৰীতে একাংশ বিষয়া-ঠিকাদাৰ আদিৰ বাবে ধন ঘটাৰ আঁহিলাতহে পৰিণত হৈছে। জিলাখনৰ কলিয়াবৰৰ হাতীমূৰাত সংযোজিত কলং-কলিয়াবৰ উত্তোলিত জলসিঞ্চন আঁচনি নামৰ এছিয়া মহাদেশৰ দ্বিতীয় সর্ববৃহৎ জলসিঞ্চন আঁচনি আছে।

এই আঁচনিখনকে ধৰি জিলাখনত বহু কেইখন জলসিঞ্চন আঁচনি আছে যদিও এই আঁচনিসমূহে কৃষিভূমিত প্রয়োজনীয় পানী যোগানত ব্যৰ্থ হৈছে। স্মর্তব্য যে কৃষিপ্রধান জিলা নগাঁও জিলাৰ মুঠ কৃষিভূমিৰ মাত্র ২০ শতাংশ কৃষিভূমিতো এই পর্যন্ত নাই জলসিঞ্চনৰ কোনো ব্যৱস্থা। যাৰ ফলত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ জয়জয়কাৰ অৱস্থাৰ মাজতো কৃষি প্রধান জিলাখনৰ ৮০ শতাংশ কৃষকেই এতিয়াও কৃষি কাৰ্যৰ বাবে কেৱলমাত্ৰ বৰষুণৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছে।

বিজ্ঞান-প্ৰযুক্তিৰ যুগতো জিলাখনৰ বিভিন্ন ঠাইত গ্রামাঞ্চলৰ ৰাইজে বৰষুণৰ বাবে ভেকুলী বিয়া পতাৰ দৰে অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ থাকিবলগীয়া হৈছে। চৰকাৰে জিলাখনৰ কৃষক ৰাইজক সকাহ দিয়াৰ লক্ষ্যৰে কোটি কোটি টকা ব্যয় কৰি নগাঁও জিলাত স্থাপন কৰা জলসিঞ্চন আঁচনিসমূহৰ অধিকাংশই এতিয়া প্ৰহসনতহে পৰিণত হোৱা পৰিলক্ষিত হৈছে।

 

চৰকাৰৰ জলসিঞ্চন বিভাগৰ অদক্ষতা, বিভাগীয় বিষয়া- কৰ্মচাৰী আৰু ঠিকাদাৰ আদিৰ দুৰ্নীতিৰাজ মনোভাবৰ বাবেই এই আঁচনিসমূহৰ অধিকাংশই অচল-অকামিলা হৈ পৰিছে। জিলা জলসিঞ্চন বিভাগৰ পৰা জানিব পৰা মতে, জিলাখনত ১৫ খন জলসিঞ্চন আঁচনি আছে যদিও ইয়াৰ ভিতৰত ৫০ খনৰো অধিক জলসিঞ্চন আঁচনিয়েই বিকল হৈ আছে ।

বিকল হোৱা আঁচনিৰ ভিতৰত ১৫ খনৰো অধিক আঁচনি মেৰামতি কৰিব পৰা অৱস্থাত নাই। জলসিঞ্চন বিভাগৰ অকল নগাঁও সংমণ্ডলতেই ৮০ খন জলসিঞ্চন আঁচনি আছে। এই আঁচনিসমূহৰো অধিকাংশ আঁচনি বিকল হৈ থকাৰ লগতে ১০ আঁচনি প্রায় বিধ্বস্ত হৈ পৰিছে। জিলাখনৰ বহুকেইখন জলসিঞ্চন আঁচনি বিকল হৈ আছে।

 

যাৰ বাবে কৃষক সকলে পানীৰ কাৰণে হাঁহাকাৰ কৰিবলগা হৈছে। জিলাখনৰ কেৱল নগাঁও জলসিঞ্চন সংমণ্ডলৰ অধীনস্থ ৮০ শতাংশ কৃষকৰ পথাৰলৈ জলসিঞ্চনৰ আঁচনিৰ পানী বৈ নাযায় যদিও এই সং মণ্ডলটোত বিভিন্ন জলসিঞ্চন আঁচনিৰ নামত প্ৰতিটো বিত্তীয় বৰ্ষতে কোটি কোটি টকাৰ অবাধ লুণ্ঠন চলি থকা পৰিলক্ষিত হৈছে। যদিহে জিলাখনৰ  সকলো কৃষি ভূমিত জলসিঞ্চনৰ সুব্যৱস্থা থাকিলহেঁতেন তেতিয়া হ’লে এইবাৰ নগঞা কৃষক ৰাইজে শালি ধানৰ খেতি নকৰাকৈ থাকিব লগীয়া নহ’লহেঁতেন। জিলাখনত আঘোণৰ পথাৰত দুটা ভিন্ন দৃশ্য পৰিলক্ষিত নহ’লহেঁতেন।

 

 

 

Exit mobile version