Opinion :
কেই বছৰমান আগৰ কথা । দুই – আঢ়ৈ দৰ্শক হ’ব । জি এছ ৰোডত স্কুলীয়া সহপাঠী এজনে সৰু ব্যৱসায় প্ৰতিষ্ঠান আৰম্ভ কৰিলে । গতিকে কেতিয়াবা আড্ডা মাৰিবলৈ তাত উপস্থিত হওঁগৈ । কথা বতৰা চলি থাকিলেও অনবৰত সমুখৰ ৰাস্তাটোৰ ওপৰত চকু থাকে। তাতে বন্ধুৰ ব্যৱসায় যান-বাহন সম্পৰ্কীয়। তেতিয়া মন কৰোঁ যে ৰস্তাটোৰে এখন গাড়ী পাৰ হৈ যোৱাৰ পাছত দ্বিতীয়খন দেখিবলৈ যথেষ্ট সময় ৰ’বলগীয়া হয়।
কেতিয়াবা কে’বা মিনিট সময় গাড়ী নাথাকে । যঠেষ্ট পাতলীয়া যান – বাহন, গতিকে ভিৰো কম । মন কৰিলেই ৰাস্তাটো ইপাৰ সিপাৰ হ’ব পাৰি। দিন আগবঢ়াৰ লগে লগে পৰিৱেশো সলনি হ’বলৈ ধৰিলে ৷ বিপৰীত দিশত পদপথত থকা চাহ দোকানীজনৰ ওচৰলৈ যাবলৈ একেটা ৰাস্তাকে পাৰ হ’বলৈ অধিক সময় ৰ’বলগীয়া হ’ল।
কেতিয়াবা ১৫ মিনিট সময় চেষ্টা কৰিও ৰাস্তাটো পাৰ হোৱাটো কঠিন হৈ পৰিল। গাড়ী-মটৰৰ ভিৰ ক্রমশঃ বাঢ়ি থাকিল। শেষত যেনিবা খোজকাঢ়ি ৰাস্তাটো ইমূৰৰ পৰা সিমূৰ পাৰ কৰিব পৰাটো এখন সৰু-সুৰা যুদ্ধ জয় কৰাৰ লেখীয়াই হ’লগৈ! বন্ধু ইতিমধ্যে প্রতিষ্ঠিত ব্যৱসায়ী হৈ পৰিল আৰু নতুন নতুন ক্ষেত্ৰত সাফল্য অর্জন কৰাৰ লগে
লগে সেই ঠিকনাও আৰু নাথাকিল।
অৱশ্যে ৰাস্তাটোৰ ভিৰ বাঢ়ি গৈয়ে থাকিল। কেৱল জি এছ ৰোডেই নহয়, গুৱাহাটীৰ প্ৰায়বোৰ ৰাস্তাৰে একেই পৰিৱেশ। জনসংখ্যা আৰু তাৰ সমান্তৰালভাৱেযান-বাহনৰ সংখ্যা বৃদ্ধিয়েই যে এনে পৰিস্থিতিৰ সৃষ্টি কৰিছে তাৰ ব্যাখ্যা নিষ্প্রয়োজন।
কিন্তু বিড়ম্বনা হৈছে— ই আমি ভবাতকৈ বহুত বেছি ভয়াবহ পৰিৱেশৰ দিশে আমাক আগুৱাই নিছে। মাত্ৰ এসপ্তাহ আগতে পৃথিৱীৰ জনসংখ্যাই আঠশ কোটিৰ ঘৰ স্পৰ্শ কৰিলে। ৰাষ্ট্ৰসংঘই সদৰী কৰিছে যে পৃথিৱীৰ ওপৰত এনেদৰে মানুহৰ বোজা জাপি দিয়াৰ ক্ষেত্ৰত সর্বাধিক অৰিহণা যোগালে ভাৰতে। অকল সেয়ে নহয়, ৰাষ্ট্ৰসংঘৰ জনসংখ্যা সম্পর্কীয় প্রতিবেদন ২০২২ কোৱা হৈছে যে অহা বছৰৰ ভিতৰত চীনক অতিক্ৰম কৰি বিশ্বৰ সৰ্বাধিক জনবহুল দেশৰূপে পৰিগণিত হোৱাৰ পথত আগবাঢ়িছে ভাৰত।
সম্প্ৰতি ভাৰতৰ জনসংখ্যা ১৪২.১ কোটি আৰু চীনৰ ১৪২.৬ কোটি। ২০৫০ৰ ভিতৰত ভাৰতৰ জনসংখ্যা ১৬৬.৮ কোটিলৈ বৃদ্ধি হোৱাৰ বিপৰীতে চীনৰ হ্ৰাস পাব ১৩১.৭ কোটিলৈ। লক্ষ্যণীয়ভাৱে পৰৱৰ্তী এশ কোটি জনসংখ্যা ভাৰতকে ধৰি মাত্ৰ আঠখন দেশৰ পৰাই যোগ হ’ব বুলি পূর্বানুমান আগবঢ়োৱা হৈছে। অনুমান অনুসৰি অহা ২০৩৭ৰ ভিতৰত অৰ্থাৎ প্রায় চাৰে ১৪ বছৰত পৰৱৰ্তী এশ কোটি জনসংখ্যা বৃদ্ধিত অৰিহণা যোগোৱা আন সাতখন দেশ হৈছে ক্ৰমে—কংগো, ইজিপ্ত, ইথিওপিয়া, নাইজেৰিয়া, পাকিস্তান, ফিলিপাইনছ আৰু তাঞ্জানিয়া। আন এক উদ্বেগজনক তথ্য অনুসৰি বৰ্তমানৰ আঠশ কোটি জনসংখ্যাৰ অর্ধেক বাস কৰে ভাৰতসহ মাত্র সাতখন দেশত।
আন কেইখন দেশ হৈছে ক্ৰমে— চীন, আমেৰিকা যুক্তৰাষ্ট্ৰ, ইণ্ডোনেছিয়া, পাকিস্তান, নাইজেৰিয়া আৰু ব্ৰাজিল। এনেদৰেই ভাৰতৰ ওপৰত দিনে দিনে যে অসহনীয় বোজা বাঢ়ি গৈ আছে তাক কোৱা বাহুল্য মাথোন। ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত আন কে’বাটাও গুৰুত্বপূৰ্ণ দিশ উল্লেখ কৰা হৈছে, যিবোৰে ভাৰতলৈ অশনি সংকেত কঢ়িয়াই আনিছে। বিশ্বই আঠশ কোটি জনসংখ্যাত উপনীত হোৱা ঘটনাক ঐতিহাসিক মাইলৰ খুঁটি বুলি উল্লেখ কৰি ৰাষ্ট্ৰসংঘই কৈছে যে জনস্বাস্থ্য, পুষ্টি, ব্যক্তিগত পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু চিকিৎসা বিজ্ঞানৰ উন্নতিৰ ফলস্বৰূপে মানুহৰ আয়ুস ক্রমান্বয়ে বৃদ্ধিৰ পৰিপ্ৰেক্ষিততে জনসংখ্যাৰ এই অভূতপূর্ব বৃদ্ধি হৈছে।
২০১৯ৰ হিচাপত বিশ্বত মানুহৰ গড় আয়ুস ৭২.৮ বছৰ। ১৯৯০ৰ পৰা ই প্ৰায় ন বছৰ বৃদ্ধি পাইছে। বৰ্তমানৰ প্ৰেক্ষাপটত ২০৫০ৰ ভিতৰত এই আয়ুস ৭৭.২ বছৰলৈ বৃদ্ধিৰ পূৰ্বানুমান কৰা হৈছে। অৱশ্যে ৰাষ্ট্ৰসংঘৰ মতে বিংশ শতিকাৰ দ্বিতীয়ার্ধত বৃহৎ উত্থান ঘটিছিল যদিও আগন্তুক সময়ছোৱাত জনসংখ্যা বৃদ্ধিৰ গতি লেহেমীয়া হ’ব পাৰে। আন্তর্জাতিভাৱে উৰ্বৰতা কম অথবা হ্রাস পোৱা হেতুকে জনসংখ্যা বৃদ্ধিৰ হাৰ হ্ৰাস পাব বুলি কোৱা হৈছে।
সেইবাবেই ২০৮০ৰ পূৰ্বে জনসংখ্যাই এহেজাৰ কোটিৰ ঘৰ চুব নোৱাৰে বুলি অনুমান কৰিছে ৰাষ্ট্ৰসংঘই। উল্লেখিত প্রতিবেদনত আৰু কোৱা হৈছে যে যিবোৰ দেশত জনমূৰি আয় বেছি, সেইবোৰত জনসংখ্যা বৃদ্ধিৰ হাৰ তেনেই কম। ইয়াৰ বিপৰীতে নিম্ন আয় আৰু নিম্ন মধ্য আয়ৰ দেশসমূহতে জনসংখ্যা বৃদ্ধি কেন্দ্রীভূত হৈছে।সেইবাবেই ৰাষ্ট্ৰসংঘৰ অৰ্থনৈতিক আৰু সামাজিক পৰিক্ৰমা বিভাগে জনসংখ্যাৰ দ্ৰুত বৃদ্ধিয়ে ক্ষুধা আৰু দ্ৰৰিদ্ৰতা অধিক তীব্ৰতৰ কৰি তুলিব বুলি সতৰ্ক কৰি দিছে।
ৰাষ্ট্ৰসংঘৰ স্বয়ং সচিব প্রধান এণ্টনিয়’ গুটেৰেছে এই প্ৰসংগতে বিশ্বই সন্মুখীন হোৱা প্ৰত্যাহ্বানৰ ওপৰত আলোকপাত কৰি কৈছে যে মানৱ পৰিয়াল যিমানে বৃহৎ হৈ আহিছে, সিমানেই ই অধিক বিভাজিত হৈ পৰিছে। পৃথিৱীখন যিমানেই ধনী আৰু সম্পদশালী হৈ উঠিছে, সিমানেই ধনী-দুখীয়াৰ বৈষম্যও বৃদ্ধি পাইছে।এইদৰে উল্লেখ কৰি তেওঁ কৈছে যে এই বৈষম্য আঁতৰ কৰিব নোৱাৰিলে মানৱ জাতি উত্তেজনা আৰু অবিশ্বাস, সংকট আৰু সংঘাতৰ গভীৰতালৈ আগবাঢ়ি যাব।
এনে পৰিপ্ৰেক্ষিতত ভাৰতৰ দৰে আৰ্থিক প্ৰত্যাহ্বানৰ মাজত থকা দেশবোৰৰ সমস্যা যে বৃদ্ধিয়েই পাব তাত সন্দেহ নাই। দেশৰ নগৰীয়া জনসংখ্যা ইতিমধ্যে বিস্ফোৰণমুখী হৈ পৰিছে। চহৰসমূহে সেই বোজা গ্ৰহণৰ বাবে পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ গৈ ত্রাহি মধুসূদন সুঁৱৰিবলগীয়া হৈছে। এনে অৱস্থাত জলবায়ু পৰিৱৰ্তনৰ দৰে কাৰকসমূহে জনজীৱন দুর্বিসহ কৰি তুলিব বুলি সতৰ্ক কৰি দিয়া হৈছে। কি গুৱাহাটী, কি মুম্বাই-বাংগালুৰু সৰ্বসাধাৰণ নাগৰিকৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁথনি নিৰ্মাণ কৰি তুলিব পৰা নাই।
অতিমাত্রা ভিৰ, নিম্নমানৰ তথা অপর্যাপ্ত আন্তঃগাঁথনি, বিপজ্জনক বায়ু-পানী- শব্দ প্ৰদূষণ ভাৰতীয় চহৰসমূহৰ বৈশিষ্ট্য হৈ পৰিছে। উদাহৰণস্বৰূপে বিগত তিনিটা দশকত মুম্বাইৰ জনসংখ্যা কমেও ৮০ লাখ বৃদ্ধি হৈ সম্প্ৰতি দুই কোটিৰো অধিক হৈছে। ২০৩৫ৰ ভিতৰত দেশৰ বাণিজ্যিক ৰাজধানীৰূপে স্বীকৃত চহৰখনত আৰু কমেও ৭০ লাখ জনসংখ্যা যোগ হ’ব বুলি পূর্বানুমান কৰা হৈছে। গতিকে স্বাভাৱিকতে বর্তমান উপলব্ধ আন্তঃগাঁথনি অপর্যাপ্ত হৈ পৰিছে। ফলস্বৰূপে ‘গগণচুম্বী অট্টালিকাৰ ছাঁতেই কতনা গৃহহীন নৰ-নাৰী’য়ে জীৱন নিৰ্বাহ কৰিবলৈ বাধ্য হৈছে।
তুলনামূলকভাৱে শান্ত গ্রামাঞ্চলৰ পৰা যে উন্নত কর্মসংস্থাপনৰ জৰিয়তে সৌভাগ্য মুকলি কৰিবলৈকে এনেদৰে লক্ষ লক্ষ লোকৰ নগৰাঞ্চললৈ প্ৰব্ৰজন ঘটিছে তাৰ ব্যাখ্যা নিষ্প্রয়োজন। অর্থ সংকটেই প্ৰব্ৰজনৰ অন্যতম মূল কাৰকৰূপে চিহ্নিত হৈছে। আন্তঃৰাষ্ট্ৰীয় শক্তি সংস্থাৰ প্ৰতিবেদন অনুসৰি অহা ২০৪০ৰ ভিতৰত ভাৰতৰ চহৰসমূহত কমেও ২৭ কোটি লোকে নতুনকৈ বাস কৰিব।
ফলত এইসকলৰ বাবে প্রয়োজনীয় শক্তি উৎপাদন, পৰিবহণৰ লগতে গৃহনিৰ্মাণৰ বাবে তীখা আৰু কংক্রিট উৎপাদনৰ জৰিয়তে অধিক কার্বন নির্গমন হ’ব, যিয়ে প্রাকৃতিক পৰিবেশক গুৰুতৰভাৱে ক্ষতিগ্রস্ত কৰিব। যোৱা বছৰ প্ৰস্তুত কৰা এক চৰকাৰী প্ৰতিবেদনত তথ্য দাঙি ধৰা হৈছে যে চহৰ অঞ্চলৰ বৰ্জ পদাৰ্থৰ ৭০ শতাংশই পৰিশোধন নোহোৱাকৈ ৰৈ যায়। ফলত প্ৰদূষণৰ মাত্রা বৃদ্ধি পাইছে। প্রতিবাৰেই শীতৰ আগমনৰ লগে লগে স্বয়ং ৰাজধানী মহানগৰী নতুন দিল্লী কেনেদৰে বিষাক্ত বায়ু প্ৰদূষণেৰে আবৃত হৈ থাকে সেয়া সকলোৰে অৱগত।
এনে প্ৰদূষণেই ২০১৯৩ প্রায় ১৭,৫০০ লোকৰ নতুন দিল্লীত অকাল মৃত্যুৰ কাৰণ হৈছিল বুলি এক সমীক্ষাত প্ৰকাশ পাইছে। অকল সেয়ে নহয়, এনে প্ৰদূষণ সৃষ্টি কৰা জলবায়ু পৰিৱৰ্তনে অভাৱনীয় প্রাকৃতিক দুৰ্যোগৰ সৃষ্টি কৰি বিপৰ্যয় কঢ়িয়াই আনিব বুলি সকীয়াই দিয়া হৈছে। বিজ্ঞানীসকলৰ মতে, বতৰ বিশেষকৈ বাৰিষা একেবাৰে অনিশ্চিত হৈ পৰিছে। ফলস্বৰূপে হয় অতিপাত বৃষ্টিপাতৰ ফলত বানপানীৰ সৃষ্টি হৈছে অথবা বৰষুণৰ অভাৱত খৰাংসদৃশ পৰিৱেশ হৈছে। ইয়াৰ সমান্তৰালভাৱে বৰ্ধিত তাপমাত্রাই জ্বলন্ত সদৃশ পৰিৱেশৰ সৃষ্টি কৰিছে, বিশেষকৈ কংক্রিটৰ চহৰসমূহত জনজীৱন অসহনীয় কৰি তুলিছে।
দিন যোৱাৰ লগে লগে পৰিৱেশ অধিক ভয়াৱহ হৈ পৰিব বুলিও কোৱা হৈছে। জীৱন-জীৱিকাৰ সুযোগৰ অভাৱতে গ্রামাঞ্চলৰ পৰা এনেদৰে প্ৰব্ৰজন বৃদ্ধি পাই আহিছে যদিও এইক্ষেত্ৰত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হোৱা নাই। উন্নয়নৰ ক্ষেত্ৰত সমতা স্থাপনত ব্যৰ্থতাৰ বাবেই গ্রামাঞ্চলত সুযোগ সৃষ্টি সম্ভৱ হৈ উঠা নাই। পর্যাপ্ত বিনিয়োগৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰি তুলিব নোৱাৰিলে এহাতে বঞ্চনাৰ মনোভাৱ বৃদ্ধি পাব আৰু আনহাতে প্ৰব্ৰজন ৰোধ কৰাটোও সম্ভৱ নহ’ব।
উন্নত জীৱনৰ আশাত চহৰাঞ্চললৈ প্ৰব্ৰজনকাৰী দৰিদ্ৰসকল সংস্থাপনেই হওক বা জলবায়ু পৰিবৰ্তনে সৃষ্টি কৰা প্ৰাকৃতিক দুৰ্যোগৰ বাবেই হওক, আটাইতকৈ বেছি ভুক্তভোগী হ’বলগীয়া হৈছে। অথচ উৎসাহদায়ক কিছু পদক্ষেপ কাৰ্যকৰীকৰণৰ জৰিয়তে মানুহক সৰু নগৰ অথবা গ্রামাঞ্চললৈ উভতিবলৈ প্ৰৰোচিত কৰিব পৰা যায়।
সম্প্রতি দেখা গৈছে যে যথেষ্ট পৰিকল্পিত মহানগৰ হোৱাৰ পাছতো দিল্লী, বাংগালুৰু, চেন্নাই আদি বৰষুণৰ ফলত ভয়াৱহ বানপানীৰ কবলত পৰাৰ লগতে যানজঁট এক দৈনন্দিন বিড়ম্বনাত পৰিণত হৈছে। গতিকে গুৱাহাটীৰ দৰে সম্পূর্ণ অপৰিকল্পিতভাৱে গঢ়ি উঠা মহানগৰ এখনৰ অৱস্থা কিমান শোচনীয় হ’ব পাৰে, তাক লৈ কেৱল সংশয়হে প্ৰকাশ কৰিব পাৰি।
চলিত বছৰতে দেশৰ স্বাধীনতা লাভৰ ৭৫ বর্ষপূর্তি উপলক্ষে মহোৎসৱ উদযাপন কৰি আমি অমৃত পান কৰিলো।ইয়াৰ জৰিয়তে চৰকাৰে যেন জনসাধাৰণক অমত্বহে দান কৰিলে তেনে প্ৰচাৰেই চলাইছে। অমৃত পান কৰিলেতো অমৰত্ব লাভৰেই কথা! কিন্তু তাৰ পূৰ্বে জীৱন ধাৰণৰ বাবে খোৱা পানীটুপিতো যোগানৰ ব্যৱস্থা কৰক।
বৃহৎ পৰিমাণৰ দেশী-বিদেশী পুঁজি ব্যয়ৰে নিৰ্মাণ কৰি থকা আঁচনি কেতিয়া সম্পূৰ্ণ হ’ব আৰু গুৱাহাটীবাসীয়ে কেতিয়া খোৱা পানী লাভ কৰিব? এখনৰ পাছত আনখন চৰকাৰে কাৰ্যনিৰ্বাহ কৰি গ’লেও দায়িত্বপ্রাপ্ত লোকসকল সলনি হোৱা নাই; অথচ প্রতিবাৰেই পানী যোগানৰ নতুন নতুন সময়সীমা দি থকা হৈছে। পানী যোগান ধৰিব নোৱাৰিলেও অৱশ্যে এই আঁচনিৰ নামত দুৰ্নীতি-বিতৰ্কৰ শেষ নাই।
বহু সুদৃশ্য এপার্টমেণ্টৰ বাসিন্দাৰ লগতে অন্যান্য নিবাসীয়ে দৈনিক বৈধ-অবৈধ প্ৰতিষ্ঠানৰ পৰা পানী ক্ৰয় কৰি দৈনন্দিন প্রয়োজনীয় চাহিদা পূৰণ কৰিবলগীয়া হৈছে। সেইসকল বাসিন্দাৰ বাবে চৰকাৰ প্ৰশাসনৰ কোনো অস্তিত্বই নাই। গুজৰাটৰ মুখ্যমন্ত্রী থকাৰ সময়তে বিজেপিৰ নিৰ্বাচনী প্রচাৰৰ বাবে অহা নৰেন্দ্ৰ মোদীয়ে ইয়াকে লৈ তদানীন্তন কংগ্ৰেছ চৰকাৰক সমালোচনাৰে থকা-সৰকা কৰিছিল যদিও দুৰ্ভাগ্যজনকভাৱে তেওঁৰ দলৰে চৰকাৰৰ দুটাকৈ কার্যকালতো পানীৰ সমস্যা সমাধান দূৰৰ কথা, অধিক জটিল হৈহে উঠিছে।
অৱশ্যে আঁচনিৰ পাছত আঁচনি ঘোষণা হৈয়ে আছে আৰু সেইবোৰৰ ৰূপায়ণৰ নামত পানীৰ দৰে ধন ব্যয় হৈ আছে। কিন্তু ৰাইজে আজিলৈকে পানীটুপি নাপালে কি হ’ল, অমৃততো পান কৰিলেই! ইয়াত কেৱল গুৱাহাটীৰ কথাহে উল্লেখ কৰিছো যদিও ৰাজ্যৰ অন্যান্য চহৰ-নগৰ অথবা গাঁও অঞ্চলৰো ছবি পৃথক নহয়। সুদীর্ঘ ৭৫ বছৰ জীৱন ধাৰণৰ বাবে সৰ্বাধিক প্রয়োজনীয় বিশুদ্ধ পানীটুপিকেই যোগান ধৰিব নোৱাৰা স্বাধীনতাৰ অৰ্থ অমৃত মহোৎসৱত বিচাৰি পোৱাটো সম্ভৱ জানো!
ইয়াৰ বিপৰীতে এজাক বৰষুণতে চহৰ-নগৰসমূহ কৃত্রিম বানত ডুব গৈ জনজীৱন স্তব্ধ কৰি তোলে যদিও ইয়াক প্ৰতিৰোধৰ বাবে কেৱল প্ৰতিশ্ৰুতিৰ ফুলজাৰিৰ বাহিৰে আন কোনো পদক্ষেপ গ্ৰহণ কৰা হ’ল নে? বৰঞ্চ প্ৰতিবছৰে নতুন নতুন অঞ্চল এনে কৃত্ৰিম বানত বিধ্বস্ত হৈ পৰাটোৱে চৰকাৰ-প্ৰশাসনৰ দায়িত্ববাহীসকলৰ ব্যৰ্থতা উদঙাই দিছে।
তেনেদৰে মহানগৰীখনৰ কদৰ্য ৰূপ বাস্তৱতেই কেৱল নহয়, নলা-নর্দমা পৰিষ্কাৰৰ নামত পৌৰ নিগমত সংঘটিত হোৱা বহু কোটিটকীয়া কেলেংকাৰিয়ে অধিক স্পষ্ট ৰূপত উদঙাই দিছে। য’ত ভিতৰৰ পৰাই অপৰিষ্কাৰ তাত আৰু বাহ্যিক পৰিষ্কাৰ- পৰিচ্ছন্নতা আশা কৰা যায় কেনেকৈ? ডাঙৰ কথাটো হৈছে— দুৰ্নীতিৰ অভিযোগত সম্প্ৰতি গ্ৰেপ্তাৰ হোৱা নিগমৰ মুৰব্বী বিষয়াসকল যে চৰকাৰৰ ওপৰ মহলৰ অতি ঘনিষ্ঠ আৰু তেওঁলোকৰ আশীৰ্বাদতে এনেদৰে ‘লোভনীয়’ পদত কাৰ্যনিৰ্বাহ কৰি থাকিবলৈ সক্ষম হৈছে সেই কথা আনে নজনা নহয়।
সম্প্রতি গুৱাহাটীৰ আন এক গুৰুতৰ সমস্যাৰূপে পৰিগণিত হোৱা যান-বাহন পার্কিঙৰ বিষয়টোৰো আজিলৈকে সামান্য সমাধানৰো প্ৰচেষ্টা পৰিলক্ষিত নহ’ল;বৰঞ্চ ক্ষমতাশালীসকলৰ পৃষ্ঠপোষকতাতে সাধাৰণ পথচাৰীক বিপাঙত পেলোৱা অবৈধ পার্কিং ব্যৱস্থা চলি আহিছে। লক্ষ্যণীয় এয়ে যে এনেবোৰ ৰাজহুৱা সমস্যাৰ বাবে চৰকাৰ-প্ৰশাসনৰ বৰমূৰীয়াসকলে মহানগৰৰ বাসিন্দাসকলক দোষাৰোপ কৰি নিজৰ দায় সৰাৰ অপচেষ্টা চলাই আহিছে।
যদিহে কোনো ধৰণৰ অবৈধ কার্যকলাপৰ বাবেই এনেবোৰ সমস্যাৰ উদ্ভৱ ঘটিছে, তেন্তে তাৰ অনুমতি তথা পৃষ্ঠপোষকতা চৰকাৰেই কৰি অহা নাই জানো? নলা-নর্দমা,জলাশয়বিলাক পুতি শাৰী শাৰী অট্টালিকা চৰকাৰৰ অনুমতি সাপেক্ষেই নিৰ্মাণ কৰা নহৈছে নে? গতিকে এতিয়া সাধাৰণ নাগৰিকক দোষাৰোপ কৰিলে হ’ব নেকি? যদিহে সেইবোৰ অবৈধ বুলি চৰকাৰ জ্ঞাতই, তেন্তে আইন অনুসৰি যথোচিত ব্যৱস্থা লৈ ৰাজধৰ্ম পালন নকৰে কিয়?
দৰাচলতে ক্ষমতাশালী আৰু তথাকথিত ধনী শ্রেণীৰ লোকৰ দ্বাৰাই এনেবোৰ অবৈধ কার্যকলাপ চলি আহিছে বাবেই সততে লম্ফ-জম্ফ কৰি অহাসকলে হলা গছত বাগী কুঠাৰ মৰাৰ লেখীয়াকৈ সাধাৰণ লোকৰ ওপৰত দোষ জাপি দিয়াৰ চেষ্টা চলায়।ইয়াৰ উপৰি বিভিন্ন সমস্যাৰ বাবে জনসংখ্যা বৃদ্ধিকো সততে জগৰীয়া কৰা হৈ আহিছে। তেন্তে চৰকাৰৰ বিয়াগোম বিভাগ, পৰিকল্পনাকাৰী, উপদেষ্টাসকল কেলৈ আছে?
আগন্তুক সময়ছোৱাৰ পৰিস্থিতিৰ মোকাবিলাৰ বাবে কাৰ্যসূচী প্রস্তুতকৰি তাক ৰূপায়ণ কৰাটোৱে সেইসকলৰ দায়িত্ব নহয় জানো! অথচ ভৱিষ্যৎ বাদেই বর্তমান অথবা পাৰ হৈ যোৱা সময়খিনিৰ বাবেও কোনো ধৰণৰ আঁচনি অথবা কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত নহ’ল। এনেকুৱা জ্বলন্ত সমস্যাৰ সমাধান নিশ্চয় অসম্ভৱ নহয়; কিন্তু তাৰ বাবে মানসিক প্রস্তুতি আৰু হাতে-কামে কাম কৰাৰ আন্তৰিকতা থাকিব লাগিব।