Qatar world cup Football :বিশ্বকাপ ফুটবলত ইংলেণ্ডৰ বিপদঘন্টা

খেল আৰম্ভ হোৱাৰ পূৰ্বেই শাস্তি পাব নেকি অধিনায়ক হেৰি কেনে

WhatsApp Image 2022 11 21 at 15.30.43

Qatar world cup Football :

কাটাৰ বিশ্বকাপত ইংলেণ্ডে প্ৰথমখন মেচত মুখামুখি হ’ব ইৰাণৰ বিৰুদ্ধে । কিন্তু খেল আৰম্ভ হোৱাৰ পূৰ্বেই শাস্তি পাব পাৰে ইংলেণ্ডৰ অধিনায়ক হেৰি কেনে !

তথ্য অনুসৰি সমকামী প্ৰেমৰ সমৰ্থনত অন্য এখন জগতৰ সৈতে নাম সাঙোৰ খাইছে ফুটবলাৰগৰাকীৰ । যিহেতু কাটাৰৰ আইন অনুযায়ী , সেই দেশত সমকামী প্ৰেম এক অপৰাধ বুলি গণ্য কৰা হয় । বিশেষকৈ বিশ্বকাপৰ পূৰ্বে কাটাৰত এলজিবিটিকিউৰ সংস্থাৰ বিৰুদ্ধে এক প্ৰতিবাদী কাৰ্যসূচী লৈছিল কাটাৰৰ একাংশ ৰাইজে আৰু এই প্ৰতিবাদত যোগ দিছিল বহু কেইখন ইউৰোপীয় দেশে ।

ইয়াৰ ভিতৰত ইংলেণ্ড,নেডাৰলেণ্ড ,ফান্স,ডেনমাৰ্ক ,বেলজিয়াম ,জাৰ্মানী, চুইডেন ,নৰৱে ,চুইজাৰলেণ্ডো আছিল । এতিয়া বিশ্বকাপৰ পূৰ্বে ইংলেণ্ডৰ অধিনায়জনে এলজিবিটিকিউৰ সমৰ্থনত কৰা মন্তব্যই দলটোক বিপদত পেলাব পাৰে বুলি ফুটবলপ্ৰেমীৰ মাজত চৰ্চা হৈছে । খবৰ অনুসৰি সমকামী আইনক বিৰোধিতা কৰা বাবে নহয় ।

সমকামী প্ৰেমক কৰা সমৰ্থনৰ বাবেহে এই সিদ্ধান্ত লোৱাৰ আশংকা ঘণীভূত হৈছে । আজি ইৰাণৰ বিৰুদ্ধে হ’বলগীয়া খেলৰ পূৰ্বে কেনে এই সমৰ্থন উঠাই ল’ব লাগিব । কাৰণ ,ফিফাই স্পষ্টভাৱে জনাই দিছে যে, যি দেশত বিশ্বকাপ হৈছে,সেই দেশৰ আইন-কানুন, সংস্কৃতি সকলোৱে মানি চলিব লাগিব ।

যিটো কাৰণত কাটাৰ চৰকাৰে কেনৰ বিৰুদ্ধে কোনো নিষেধাজ্ঞা গ্ৰহণ কৰিলে ফিফাই কোনো সহায় কৰিব নোৱাৰে । বিপৰীতে ফিফাৰ সভাপতিজনে এইবুলিও মন্তব্য কৰিছে যে , তিনি ঘন্টা বিয়েৰ পাণ নকৰিলে কোনো লোকৰ মৃত্যু নহয় ।

Exit mobile version