Urfi Javed : বিতৰ্কৰ অন্য এক নাম উৰ্ফি জাভেদে এইবাৰ বক্ষযুগল ঢাকিলে ম’বাইল ফ’নৰে

কলে চাৰ্জ থাকে ফ'নত

WhatsApp Image 2022 11 21 at 14.39.46 1

Urfi Javed :

উৰ্ফিৰ ফটো , ভিডিঅ’ প্ৰকাশ হোৱা মানেই এক বিতৰ্কৰ আৰম্ভ । কথা-বতৰা , সাজ-পাৰ সকলো ব্যতিক্ৰম আন চেলিব্ৰেটিতকৈ । নেট মাধ্যমত উৰ্ফি মানে সৃষ্টি হোৱা বিতৰ্কই ,আন সকলোৰে বাবে এক ঈৰ্ষণীয় বিষয় হৈ পৰিছে । বিশেষকৈ অদ্ভুত সাজ-পোচাকে উৰ্ফিক সৰ্বাধিক জনপ্ৰিয় কৰি তুলিছে ।

আচলতে সদায় বিতৰ্কত থাকি জনপ্ৰিয়তাৰ শীৰ্ষস্থান দখল কৰা প্ৰচেষ্টাৰে উৰ্ফিয়ে অনুৰাগীৰ আগত এক ব্যতিক্ৰম ৰূপত আৱিৰ্ভাৱ হয় । এইবাৰ অন্য এক নতুন অৱতাৰত দেখা দিলে উৰ্ফিয়ে । ম’বাইল ফোনেৰে তৈয়াৰ কৰা অন্তৰ্বাস পিন্ধি দেশজুৰি চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে উৰ্ফি ।

সদ্য প্ৰকাশিত এই ভিডিঅ’ত উৰ্ফিয়ে ডিঙিত দুটা ম’বাইল ফোন ওলমাই বক্ষযুগল ঢকাৰ চেষ্টা কৰিলে । অৰ্থাৎ ম’বাইল ফোনকো উৰ্ফিয়ে অন্য এক সাজ-সজ্জাৰ ৰূপ দিলে । এই ভিডিঅ’ প্ৰকাশ হোৱাৰ লগে লগে চৰ্চাৰ শীৰ্ষবিন্দু স্পৰ্শ কৰিলে উৰ্ফিয়ে ।

অৱশ্যে কিছু সময়ৰ পিছত তেওঁ এটা নীলা ৰঙৰ জেকেট পিন্ধা পৰিলক্ষিত হয় । কিন্তু ম’বাইল পৰিহিত বক্ষযুগল ঢাকিবলৈ অলপো চেষ্টা কৰা নাই উৰ্ফিয়ে । বৰঞ্চ ইনষ্টাগ্ৰামত তেওঁ লিখিছে ,” ফুললি চাৰ্জড ।” অৰ্থাৎ বক্ষযুগল ঢাকি ৰখাত উৰ্ফিৰ ম’বাইল ফোন দুটা সম্পূৰ্ণ চাৰ্জ হৈ আছে বুলি অদ্ভুত মন্তব্য দিয়া পৰিলক্ষিত হ’ল ।

ইফালে উৰ্ফিৰ এই ভিডিঅ’ প্ৰকাশ হোৱাৰ লগে লগেই সামাজিক মাধ্যমত তুমুল ধুমুহাৰ সৃষ্টি হৈছে । ইনষ্টাগ্ৰামত উৰ্ফিৰ প্ৰায় ৩৮ লাখ অনুৰাগী আছে আৰু তাৰে ৩৭ লাখ অনুৰাগীয়ে উৰ্ফিৰ এই ভিডিঅ” দেখি লাইক কৰাৰ লগতে মন্তব্যৰে উপচাই পেলাইছে ।

কিছু সংখ্যক অনুৰাগীয়ে ভাল মন্তব্য কৰিলেও একাংশ অনুৰাগীয়ে অশ্লীলতাৰ সীমা চেৰাই যোৱা বুলি কটাক্ষ কৰা দেখা গৈছে । একেদৰে একাংশই আক’ নিজক প্ৰচাৰৰ বাবে নিজৰ শৰীৰ ব্যৱহাৰ কৰা বুলিও চোকা মন্তব্য কৰিছে ।

Exit mobile version