Zakir Naik :
জাকিৰ আব্দুল কৰিম নায়ক । ভাৰতৰ অন্যতম ইছলামীক চিন্তাবিদ তথা ধৰ্ম প্ৰচাৰক । যি দীৰ্ঘদিন ধৰি ধৰ্মতত্বৰ ওপৰত কাম কৰি আহিছে । প্ৰায়েই বিতৰ্কত মাজত থকা এইজন ধৰ্মগুৰুয়ে লাভ কৰিছে কাটাৰত অনুষ্ঠিত হোৱা বিশ্বকাপ ফুটবল ২০২২ ত বক্তব্য দিয়াৰ সুবিধা ।
কাটাৰ বিশ্বকাপ সংস্থাই জাকিৰ নায়কক নিমন্ত্ৰণ কৰিছে একমাত্ৰ ভাষণ প্ৰদান কৰিবলৈ । সেইলৈ ইতিমধ্যে সমগ্র বিশ্বজুৰি তুমুল চৰ্চা আৰম্ভ হৈছে । যিহেতু ভাৰতত জাকিৰ নায়কক নিষিদ্ধ ঘোষণা কৰা হৈছে ।
বিশ্বজুৰি প্ৰভাৱ বিস্তাৰ কৰা এই ধৰ্ম বিশেষজ্ঞজনক ভাৰতৰ লগতে কানাডা, যুক্তৰাষ্ট্ৰ আৰু বাংলাদেশত নিষিদ্ধ কৰা হৈছে । সমান্তৰালকৈ নায়কৰ সকলো বক্তৃতা পিচ টিভি নেটৱৰ্কৰ দ্বাৰা সমগ্ৰ বিশ্বজুৰি প্ৰচাৰ কৰি থাকে ।
যাৰ মাধ্যমত তেওঁৰ বক্তৃতা প্ৰায় ১০ কোটি দৰ্শকে প্ৰত্যক্ষ কৰে । উল্লেখ্য যে ,বহু ইছলামীক ধৰ্ম প্ৰচাৰকৰ স’তেও তেওঁৰ আধুনিক ইছলামীক চিন্তাৰ মতাদৰ্শ আছে । তেওঁ সকলো বক্তৃতা কেৱল উৰ্দুতে নহয় ইংৰাজী ভাষাতো প্ৰদান কৰে । যাতে বিশ্বৰ সকলো মানুহে তেওঁৰ ভাষণ বুজি পায় ।
পেশাগতভাৱে নায়ক এজন চিকিৎসক আছিল যদিও বৰ্তমান তেওঁ সম্পূৰ্ণৰূপে ইছলাম ধৰ্ম প্ৰচাৰত মনোনিবেশ কৰিছে । ভাৰতৰ মুম্বাইত জন্মগ্ৰহণ কৰা নায়ক ভাৰতত নিষিদ্ধ হোৱাৰ পিছতে ২০১৭ চনৰ পৰা মালয়েছিয়াত নিগাজীকৈ বসবাস কৰি আছে ।
যিহেতু খেল আৰু ধৰ্ম ,দুয়োটা পৃথক বিষয় । খেলৰ সাধনাই সম্প্ৰীতিৰ বান্ধোন কটকটীয়া কৰে । তৎস্বত্বেও কাটাৰ বিশ্বকাপ আয়োজক কমিটিয়ে এই বিতৰ্কিত ধৰ্মপ্ৰচাৰকজনক নিমন্ত্ৰণ কৰাত বিশ্বজুৰি বিৰূপ প্ৰভাৱ পৰাৰ আশংকা কৰিছে সচেতন মহলে ।