ৰঙা চীনেও নিয়োগ কৰিলে হিন্দী দোভাষী । লাডাখ, উত্তৰাখণ্ড, ছিকিম, অৰুণাচল সংলগ্ন প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত নিয়োগৰ বাবে হিন্দী ভাষা জনা তৰুণসকলক নিয়োগ কৰিছে চীনা সেনাই ।
সম্প্ৰতি চীনৰ পিপ’লছ লিবাৰেছন আৰ্মি (পি এল এ)ৰ ৱেষ্টাৰ্ণ থিয়েটাৰ কমাণ্ডাৰ তৰফৰ পৰা চীনৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ নতুন ডিগ্ৰী প্ৰাপকসকলক হিন্দী দোভাষী হিচাপে নিয়োগ কৰাৰ তৎপৰতা আৰম্ভ হৈছে ।
চোৰাংচোৱা সূত্ৰত প্ৰকাশ যে বিগত দুমাহ ধৰি চীনৰ বিভিন্ন শিক্ষা প্ৰতিষ্ঠানত হিন্দী দোভাষী নিয়োগৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে চীনা সেনাই । ৱেষ্টাৰ্ণ থিয়েটাৰ কমাণ্ডাৰ অধীনৰ ছিনজিয়াং মিলিটাৰী ডিষ্ট্ৰিকত দুমাহৰ ভিতৰত এই নিয়োগ প্ৰক্ৰিয়াৰ অন্ত পৰিব । চীন অধিকৃত তিব্বতৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত নানা গোপন তথ্য সংগ্ৰহৰ বাবে এই তৰুণসকলক নিয়োগ কৰা হ’ব বুলি ভাৰতীয় সেনাৰ ধাৰণা ।
উল্লেখ্য যে লাডাখৰ গালৱানত ৰক্তক্ষয়ী সংঘৰ্ষৰ পাছত প্ৰায় দুবছৰ অতিবাহিত হোৱাৰ পাছতো এই পৰ্যন্ত সংকট সম্পূৰ্ণৰূপে হ্ৰাস পোৱা নাই । হট স্প্ৰিং, গোৰ্গা প’ষ্ট, ডেপচাং আনকি পাংগং হ্ৰদৰ দক্ষিণ পাৰৰ কিছু অঞ্চলত এতিয়াও চীনা বাহিনীয়ে আধিপত্য বজাই ৰখা বুলি অভিযোগ আছে । এই পৰিস্থিতিত হিন্দী দোভাষী নিয়োগৰ বাতৰি ভাৰতৰ বাবে উদ্বেগজনক বুলি কোৱা হৈছে ।
দৰাচলতে গালৱান কাণ্ডৰ পাছতে তিব্বতী তৰুণসকলক পি এল এত চামিল কৰাৰ তৎপৰতা আৰম্ভ কৰিছিল চীনে । উদ্দেশ্য হৈছে লাডাখৰ দুৰ্গম অঞ্চলৰ স’তে পৰিচিত যুৱকসকলক যাতে ভাৰতীয় সেনাৰ বিৰুদ্ধে ব্যৱহাৰ কৰিব পাৰি । তদুপৰি তিব্বতত চীনা আগ্ৰাসনৰ বিৰোধী ৰূপে পৰিচিত দালাই লামাসহ অন্যান্য বৌদ্ধ ধৰ্মগুৰুৰ প্ৰভাৱৰ পৰা এই তৰুণসকলক মুক্ত কৰি চীনা কমিউনিষ্ট পাৰ্টিৰ কৰ্তৃত্ব প্ৰতিষ্ঠা কৰাটো জি জিনপিং চৰকাৰৰ অন্যতম উদ্দেশ্য বুলি কোৱা হৈছে ।