AADHAAR Card : আধাৰ কাৰ্ডৰ স’তে পেন কাৰ্ড সংযুক্ত নকৰিলে নতুন বছৰত নিষ্ক্ৰিয় হ’ব পাৰে আপোনাৰ পেন কাৰ্ড

how to extract aadhaar card information

AADHAAR Card :

বৰ্তমানেও পেন-আধাৰ সংযোগ কৰা নাই নেকি ? নতুন বছৰত নিষ্ক্রিয় হ’ব পাৰে আপোনাৰ পেন কার্ড (PAN Card) । এই সকীয়নি দিলে চেন্ট্রেল বোর্ড অৱ ডিৰেক্ট টেক্সে (CBDT) ।

আয়কৰ দপ্তৰৰ তৰফৰ পৰা টুইট কৰি জনোৱা হৈছে, পেন-আধাৰ সংযুক্তিকৰণৰ অন্তিম তাৰিখ ২০২৩-ৰ ৩১ মার্চ । ইয়াৰ ভিতৰত সংযুক্তিকৰণ নহ’লে পেন কার্ড অচল হৈ পৰিব । সেয়ে পলম নকৰাকৈ দ্রুত পেন-আধাৰ (Aadhar Card) সংলগ্ন কৰক ।

উল্লেখ্য, ২০২২ৰ ৩১ মার্চৰ ভিতৰত পেন-আধাৰ সংযুক্তিকৰণৰ অন্তিম দিন আছিল । এই সময়সীমাৰ ভিতৰত যিসকলে সংযোগ কৰা নাই তেওঁলোকে এহেজাৰ টকা জৰিমনা দিব লগা হৈছে । অৱশ্যে তেওঁলোকৰ পেনকার্ড নিষ্ক্রিয় হোৱা নাই । কিন্তু অহা মার্চৰ পাছত অচল হৈ পৰিব পেনকাৰ্ডসমূহ ।

ইতিপূর্বে একাধিকবাৰ পেন-আধাৰ সংযোগৰ সময়সীমা বৃদ্ধি কৰিছিল আয়কৰ বিভাগে । কিন্তু এইবাৰ সেই ম্যাদ বৃদ্ধি কৰা হোৱা নাই । অহা পাঁচ মাহৰ ভিতৰত এই দুই গুৰুত্বপূর্ণ নথি সংযুক্ত নকৰিলে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব আয়কৰ বিভাগে।

কেনেদৰে পেনকার্ডৰ স’তে আধাৰ নম্বৰ সংযুক্ত কৰিব ?

আয়কৰ বিভাগৰ ৱেবছাইটত লগইন কৰক ।
ৱেবছাইটৰ কুইক লিংক অপছনত ক্লিক কৰক আৰু লিংক আধাৰ অপছনত ক্লিক কৰক ।
নতুন উইণ্ড’ খুলিব ।
তাত আধাৰ নম্বৰ, পেন নম্বৰ আৰু মোবাইল নম্বৰ দিব লাগিব ।
‘আই ভেলিডেট মাই আধাৰ ডিটেলছ’-নামে এটা অপছন খুলিব ।
মোবাইলত অ’টিপি আহিব । সেই অ’টিপি দি ভেলিডেট অপছন ক্লিক কৰক ।
জৰিমনা দিব লাগিব এহেজাৰ টকা । তাৰ পাছতেই লিংক হৈ যাব আপোনাৰ পেন আৰু আধাৰ কার্ড ।

Exit mobile version