Beheadings : মাদক সৰবৰাহৰ অপৰাধত শিৰচ্ছেদ কৰি শাস্তি বিহা হৈছে এইখন দেশৰ একাধিক ‌অপৰাধীক

f832f518 1fa8 4ca6 98b1 e3f289619ef7

Beheadings :

মাদক সৰবৰাহত জড়িত থকাৰ অপৰাধত কে’বাজনো অপৰাধীক তৰোৱালেৰে শিৰচ্ছেদ কৰি শাস্তি বিহিলে ছৌদি আৰৱে । সাম্প্রতিক এক তথ্য অনুযায়ী, বিগত ১০ দিনত মাদক ব্যৱসায়ৰ স’তে জড়িত ১২ জনৰ মৃত্যুদণ্ড কার্যকৰ কৰা হৈছে ছৌদি আৰৱত । তেওঁলোকৰ ভিতৰত কিছুসংখ্যকৰ ডিঙা তৰোৱালেৰে কটা হৈছে বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে ।

মাদক সৰবৰাহৰ অপৰাধত সম্প্রতি ১২ জন অপৰাধীক মৃত্যুদণ্ড দিয়া হৈছে । ইয়াৰ ভিতৰত তিনিজন পাকিস্তানি, চাৰিজন ছিৰায়াৰ, দুজন জর্ডনৰ নাগৰিক আৰু তিনিজন ছৌদিৰ বাসিন্দা । চলিত বছৰৰ মার্চত হত্যা, সন্ত্রাসবাদসহ নানা অপৰাধত জড়িত ৮১ জন অপৰাধীক মৃত্যুদণ্ড দিছে । সাম্প্রতিক অতীতত ছৌদি আৰৱত মৃত্যুদণ্ডৰ সংখ্যা বাঢ়ি যোৱাত উদ্বেগ প্রকাশ কৰিছে আন্তর্জাতিক মানৱ অধিকাৰ সংগঠনসমূহে ।

দুবছৰ পূৰ্বে দেশত মৃত্যুদণ্ডৰ সংখ্যা হ্ৰাস কৰাৰ চেষ্টা কৰিছিল ছৌদি প্রশাসনে । কিন্তু, ২০১৮ত আমেৰিকাৰ সাংবাদিক জামাল খাশোগ্গিক তুৰস্ক মৃত্যুদণ্ড দিয়াৰ পাছত পশ্চিম এছিয়াত পুনৰ মৃত্যুদণ্ডৰ সংখ্যা কিছু বৃদ্ধি পাইছে ।

Exit mobile version