Corona Test : কাহৰ শব্দ শুনিয়েই কব ক’ভিডত আক্ৰান্ত হয় নে নহয়, বিজ্ঞানীয়ে তৈয়াৰ কৰিলে এনে ৰবট

gettyimages 1214305129 wide 607d1eae25e2a06b09975d923a906106da084f6b s1400 c100

robot

Corona Test :

কৰ’না পৰীক্ষাৰ বাবে নিৰন্তৰ নতুন পদ্ধতি আৱিষ্কাৰ হৈছে। ব্যৱহাৰ কৰা হৈছে প্ৰযুক্তিৰো। তৈয়াৰী কৰা হৈছে বিভিন্ন প্ৰকাৰৰ ৰবট । বিগত বহু দিন ধৰি, সামাজিক দূৰত্ব বা বীজাণুমুক্ত কৰিবলৈ বহু ঠাইত ৰবট ব্যৱহাৰ কৰা হৈছিল।

এইবাৰ, ক’ভিড সংক্ৰমণ হৈছে নে নাই সেইটো জানিবলৈ ‘কৃত্ৰিম বুদ্ধিমত্তা’ ব্যৱহাৰ কৰা হ’ব। কেৱল কাহৰ শব্দ শুনিয়ে, ডিভাইচটোৱে ক’ব সংক্ৰমণ হৈছে নে নাই। শেহতীয়াকৈ, অষ্ট্ৰেলিয়াৰ আৰ.এম.আই.টি. বিশ্ববিদ্যালয়ৰ প্ৰযুক্তিবিদ্যাৰ গৱেষকসকলে এনে এটা ৰবট সৃষ্টি কৰিছে।

এইটো দাবী কৰা হৈছে যে এই ডিভাইচটোৱে কেৱল লক্ষণ থকা সকলৰ বাবেই নহয়, লক্ষণ নথকা সকলৰ বাবেও সফলতাৰে কাম কৰিব ।

গৱেষণা দলটোৰ এজন মুখপাত্ৰই কয়, “আমি অতি সহজে ব্যৱহাৰ কৰিব পৰা আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ যে কোনো স্পৰ্শ অবিহনে ক’ভিড পৰীক্ষা কৰিব পৰা এনেধৰণৰ নিৰ্ভৰযোগ্য এটা যন্ত্ৰৰ কথা ভাবিছিলো । আৰু সেই হিচাপেই এই ৰবটটো সৃষ্টি কৰা হৈছে, ।”

এই ডিভাইচটোৱে ম’বাইল ফোনৰ নিৰ্দিষ্ট এপৰ জৰিয়তে কাম কৰিব। কোনো অসুবিধা নোহোৱাকৈ এই যন্ত্ৰটোৰ জৰিয়তে ক’ভিড পৰীক্ষা কৰিব পাৰিব। লক্ষণহীন লোকসকলৰ ক্ষেত্ৰতো একেই হ’ব। গতিকে সংক্ৰমণৰ বিয়পা সহজে প্ৰতিৰোধ কৰিব পাৰিব। এইয়ে আশা যন্ত্ৰটোৰ আৱিষ্কাৰকসকলৰ ।

Exit mobile version