Google : কে’বা হেজাৰ কৰ্মচাৰী ছাটাই কৰাৰ পথত গুগল !

images 6 2

Google :

টুইটাৰ, মেটাৰ পাছত এইবাৰ কৰ্মচাৰীক ছাটাই দিয়াৰ পথত গুগল। কৰ্মচাৰীসকলক ছাটাই কৰাৰ পৰিকল্পনা কৰিছে গুগলৰ মূল কোম্পানী এলফাবেটে ।

কোম্পানীটোৰ কৰ্মচাৰীসকলক কামৰ মূল্যায়নৰ আধাৰত ছাঁটাই কৰা হ’ব বুলিও জনাইছে কোম্পানীটোৱে । যিসকল কৰ্মচাৰীৰ কামৰ মানদণ্ড দুৰ্বল তেওঁলোকক ছাঁটাই কৰাৰ পৰিকল্পনা কৰিছে কোম্পাীটোৱে ।

প্ৰাপ্ত তথ্য অনুসৰি কোম্পানীটোৰ প্ৰায় ১০ হেজাৰ কৰ্মচাৰীক ছাটাই কৰাৰ সিদ্ধান্ত লোৱা হৈছে। কোম্পানীটোৰ ছয় শতাংশ কৰ্মচাৰীক ছাঁটাই দিয়াৰ পথত গুগল।

কৰ্মচাৰী এজনে কেনেদৰে কাম কৰি আছে তাৰ সঠিকভাৱে মূল্যাঙ্কন কৰা হ’ব। সেই মূল্যায়নৰ ওপৰত ভিত্তি কৰি, যিসকল কৰ্মচাৰীৰ কামৰ মানদণ্ড দুৰ্বল তেওঁলোকক ২০২৩ চনৰ আৰম্ভণিতে চিনাক্ত কৰি ছাটাই কৰা হ’ব।

অৱশ্যে, গুগলৰ কোম্পানীয়ে এতিয়ালৈকে ছাটাই কৰাৰ সিদ্ধান্তৰ বিষয়ে আনুষ্ঠানিকভাৱে একো জনোৱা নাই। অৱশ্যে, কেইমাহমান আগতে, কোম্পানীটোৰ মুখ্য কাৰ্যবাহী বিষয়া সুন্দৰ পিচাইয়ে এই বিষয়ে ইংগিত দিয়ে।

লছ এঞ্জেলছত এক সন্মিলনত পিচাইয়ে কয় যে কৰ্মচাৰীৰ সংখ্যা বৃদ্ধি হোৱাৰ পাছত কোম্পানীটো লেহেমীয়া গতিত চলিছে । অতীতত কৰ্মচাৰীসকলকো সতৰ্ক কৰি দিয়ে পিচাইয়ে । যিসকল কৰ্মচাৰীয়ে মন দি কাম নকৰে তেঁওলোকৰ ভয়ানক পৰিণতি বিষয়েও সতৰ্ক কৰি দিছিল।

অন্যান্য প্ৰযুক্তি কোম্পানীৰ দৰে, গুগলে মহামাৰীৰ পাছত বহুতো কৰ্মচাৰী নিয়োগ কৰিছিল। সূত্ৰ অনুসৰি, কোম্পানীটোৱে বৰ্তমান বিত্তীয় সমস্যাৰ সন্মুখীন হৈছে। সেইকাৰণে বাধ্য হৈ’ ছাটাইৰ সিদ্ধান্ত লয় ।

Exit mobile version