Guwahti : গুৱাহাটীত ৰেইকীৰ প্ৰশিক্ষণ শিবিৰ

ddb724e5 e5d8 41c4 8c30 b44b9c4f2191

Guwahti :

মানসিক অশান্তি আঁতৰাই মনক শান্ত আৰু আনন্দ ৰাখিব পাৰে আপুনি নিজেই ৷ জীৱনৰ সাফল্য , সুস্থতা আৰু উন্নতিৰ চাবিকাঠি আপোনাৰ হাততে আছে ৷ আপোনাৰ শক্তিৰ দুৱাৰ খুলি দিবলৈ ৰেইকী গ্ৰেণ্ড মাষ্টাৰ আৰু এঞ্জেল মাষ্টাৰ পশ্চিমবংগৰ কলকাতাৰ মিতালী ভট্টাচাৰ্যৰ দ্বাৰা অহা ৭ ডিচেম্বৰৰ পৰা পূৰ্বাঞ্চল যোগতীৰ্থ , ভাৰতীয় যোগ সংস্কৃতি আৰু যোগ চিকিৎসা কেন্দ্ৰত প্ৰশিক্ষণ শিবিৰ আৰম্ভ হ’ব ৷

ৰেইকী এনে এক আৰোগ্য পদ্ধতি যাৰ দ্বাৰা আমি নিজৰ লগতে আনকো চিকিৎসা কৰিব পাৰোঁ ৷ ৰেইকীয়ে আমাক আত্মাৰ সৈতে পৰিচয় কৰাই প্ৰেম আৰু পোহৰৰ সন্ধান দিয়ে ৷ ৰেইকীয়ে দৈহিক লক্ষণসমূহৰ উৎস বিচাৰি উলিয়াই শক্তিৰ অভাৱ পূৰণ কৰে আৰু শাৰীৰিক পৰিপূৰ্ণতা ৰক্ষা কৰে ।

শৰীৰৰ যিকোনো বিষ, মানসিক চাপ , উদ্বেগ আদি নাইকীয়া কৰি শাৰীৰিক মানসিক উৎকৰ্ষ সাধন কৰে ।ই আত্মবিশ্বাস বঢ়াই ৷ এই ৰেইকী বিদ্যাক অশেষ সাধনাৰ বলত পুনৰ উদ্ধাৰ কৰি মানৱ সমাজত মানব জাতিৰ হিতাৰ্থে বিয়পাই দিছিল জাপানৰ এজন শিক্ষাবিদ ড. মিকাঔচুয়ে ১৯২২ চনত ৷

“ৰেইকী” বা যাক আমি “স্পৰ্শ চিকিৎসা” বুলি জানোঁ , যাৰ অৰ্থ হ’ল মহাজাগতিক প্ৰাণশক্তি ৷ এই মহাজাগতিক প্ৰাণশক্তি আমাৰ বিশ্বব্ৰহ্মাণ্ডৰ চাৰিওপিনে প্ৰতি মুহূৰ্ততে প্ৰবাহমান হৈ আছে । এই মহাজাগতিক প্ৰাণশক্তিক আমি ৰেইকীৰ পদ্ধতিগত শিক্ষা ( দিক্ষা ) ৰ মাধ্যমেৰে আমাৰ শৰীৰত প্ৰবাহমান কৰিব পাৰোঁ।

ৰেইকীৰ সুন্দৰ সুযোগ আপুনিও গ্ৰহণ কৰক নিজকে সৰ্বাংগসুন্দৰ কৰি তোলক ৷ ইচ্ছুক ব্যক্তিসকলক প্ৰশিক্ষণত অংশগ্ৰহণ কৰিবৰ বাবে আগতীয়াকৈ ৯১৬৩০২৬২৪৯ অথবা ৮৩৩৪০০২৪৮৮ নম্বৰত যোগাযোগ কৰিব পাৰৰিব বুলি অসম ৰেইকী গ্ৰুপৰ সংগঠক ধনঞ্জয় তালুকদাৰে জানিব দিয়ে ৷

Exit mobile version