Kaliabor Accident : কলিয়াবৰত পথ দুৰ্ঘটনাত থিতাতে পাঁচজনৰ মৃত্যু

b4327835 bafe 421b aaf0 341baed9bc84

Kaliabor Accident :

কলিয়াবৰৰ হাতীয়েখোৱাত ৰাষ্ট্ৰীয় ঘাইপথত সোমবাৰে নিশা এখন ট্ৰাক আৰু এখন চাচিকীয়া ব্যক্তিগত বাহনৰ মাজত সংঘটিত মুখামুখি সংঘৰ্ষৰ ঘটনাত সৰু গাড়ীখনত থকা পাঁচজনকৈ লোক ঘটনাস্থলীতে নিহত হয়।

নিশা প্রায় ১০-৪৫ বজাত সংঘটিত হোৱা এই ভয়ংকৰ দুৰ্ঘটনাটোত নিহত পাঁচজন ঘৰ বোকাখাতত। দুর্ঘটনাটো ইমানেই ভয়াৱহ আছিল যে গাড়ীখন সম্পূৰ্ণৰূপে চূচুর্মৈ হৈ পৰে।

উল্লেখ্য যে কলিয়াবৰৰ পৰা তেজপুৰ অভিমুখে গৈ থকা এ এছ-০৫ কিউ-২৬৮৩ নম্বৰৰ হুন্দাই গাড়ীখনৰ স’তে সন্মুখৰ দিশৰ পৰা আহি থকা ইউ পি-৩৭ এ টি-২৭৬৬ নম্বৰৰ ট্ৰাকখনৰ মুখামুখি সংঘর্ষ হয়।

স্থানীয় লোকে জনোৱা মতে, ট্রাকখন তীব্র বেগত আহি সৰু গাড়ীখনত সন্মুখৰ পৰা খুন্দিয়ায় আৰু ফলত গাড়ীৰ আসনতে পাঁচোজন যুৱকে প্রাণ হেৰুৱায়।

উল্লেখ্য যে ঘটনা সংঘটিত কৰিয়ে ট্রাকখনৰ চালক আৰু হেণ্ডিমেনে পলায়ন কৰে। এই শোকাৱহ দুৰ্ঘটনাৰ পাছতেই এতিয়া বোকাখাতত পৰিছে শোকৰ ছাঁ। বিবাহ যাত্ৰী হিচাপে হৈ পথ দুৰ্ঘটনাত মৃত্যুক সাৱটিলে বোকাখাতৰ পাঁচ যুৱকে। নিহত যুৱক কেইজন ক্ৰমে

বোকাখাতৰ কলাখোৱা গাঁৱৰ পৰা বৰযাত্ৰী হিচাপে এ এছ ০৫ কিউ ২৬৮৩ নম্বৰৰ হুণ্ডাই অ’ৰাখনত কলাখোৱা গাঁৱৰ সন্দীপ কুমাৰ পাল, সঞ্জয় দাস, সমীৰ পাল আৰু ম’হমাইকী গাঁৱৰ বিবেক দাস আৰু বিকাশ শৰ্মা

মৃত পাঁচজন যুৱকৰ চাৰিজন অবিবাহিত আছিল যদিও সন্দীপ কুমাৰ পাল বিবাহিত আছিল৷ তিনি বছৰীয়া এটি সন্তানৰ লগতে তেওঁৰ পত্নী অন্তঃসত্বা আছিল৷ এই ঘটনাই অঞ্চলটোত এতিয়া শোকৰ ছাঁ পেলাইছে।

Exit mobile version