BOKAKHAT : বোকাখাত আমটেঙা নতুন গাঁও নিবাসী ছপা আৰু ইলেকট্রনিক মাধ্যমৰ সাংবাদিক প্ৰদ্যুত মহন্তৰ আজি সন্ধ্যা ৬-২৫ বজাত নুমলীগড় বিবেকানন্দ চিকিৎসালয়ত মৃত্যু হয় । মহন্ত দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত ভুগি আছিল । আজি বিয়লি তেওক চিকিৎসালয়লৈ নিয়া হৈছিল । মৃত্যুৰ সময়ত বয়স হৈছিল ৪২ বছৰ। তেও পত্নী আৰু দুটি কন্যা সন্তানক এৰি গৈছে ।
২০০৭চনৰ পৰা এনইটিভি নামৰ চেটেলাইট চেনেলত ইলেকট্রনিক মিডিয়াৰ সাংবাদিক প্ৰদ্যুত মহন্তই মৃত্যু পর্যন্ত নিউজ ১৮ অসমৰ লগতে বোকাখাতৰ স্থানীয় পৰ্টেল কেএনএনৰ সম্পাদক আছিল। তেওঁৰ মৃত্যুত কেবিনেট মন্ত্রী অতুল বৰাৰ লগতে বোকাখাত প্ৰেছ ক্লাব, সাংবাদিক সন্থা, ইমজা আদি বহু অনুষ্ঠানে শোক প্ৰকাশ কৰিছে ।






























