Panjabai Incident :মহানগৰীৰ পাঞ্জাবাৰীৰ হত্যাকাণ্ডৰ সম্ভেদ লাভ কৰিছে আৰক্ষীয়ে

ঘটনাত জড়িতৰ সন্দেহত দুজনক আটক

WhatsApp Image 2022 11 22 at 18.54.46

Panjabai Incident:
মহানগৰীৰ পাঞ্জাবাৰীৰ হত্যাকাণ্ডৰ সম্ভেদ লাভ কৰিছে আৰক্ষীয়ে ৷ ঘটনাত জড়িতৰ সন্দেহত দুজনক আটক ৷

উল্লেখ্য যে ,সোমবাৰে মহানগৰীৰ পাঞ্জাবাৰীত দিন দুপৰতে গুলীয়াই হত্যা কৰা হৈছিল পূৰবী ডায়েৰীৰ বিতৰক ৰঞ্জিত বৰাক।

বাইকত অহা দুৰ্বৃত্তই গাড়ীৰ ভিতৰতে গুলীয়াই থৈ গৈছিল লোকজনক । হাস্পতাললৈ অনাৰ পথত মৃত্যু হৈছিল ৰঞ্জিত বৰাৰ।

লোকজনৰ পৰা নগদ ২.৫০ লাখ টকাৰ বেগ কাঢ়ি লৈ যায়।মঙলবাৰে ৰঞ্জিত বৰাৰ হত্যাৰ ঘটনাৰ সৈতে জড়িতৰ সন্দেহত পাঞ্জাবাৰীৰ বেম্বো হাইটছ ৰেষ্টুৰেণ্টৰ কৰ্মচাৰী ৰাজা দাস,ৰছিদুল আলীক আৰক্ষীয়ে আটক কৰিছে।

ঘটনা সংঘটিত হোৱা স্থানৰ পৰাই সোমবাৰে নিশা আটক কৰা হৈছে দুয়োজন যুৱকক । ঘটনা সন্দৰ্ভত ইতিমধ্যে বহু ক্লু লাভ কৰা হৈছে বুলি দাবী আৰক্ষীৰ।

Exit mobile version