Boko : বকোত বহুৰঙী সাংস্কৃতিক শোভাযাত্ৰাৰে বীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তী 

অনুষ্ঠিত হ'ল পৰম্পৰাগত থলুৱা খেল প্ৰতিযোগিতা 

WhatsApp Image 2022 11 23 at 13.05.00 1

Boko :

কামৰূপ জিলাৰ বকোত বুধবাৰে বকো আৰক্ষী থানা,কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থা, বগাই সাংস্কৃতিক ও ক্ৰীড়া সংগঠনৰ লগতে স্থানীয় যুৱকৰ উদ্যোগত উদযাপন কৰা হয় বীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তী । এই জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি পুৱাই বকো গান্ধী মৈদানৰ পৰা বকো বজাৰ হৈ এক সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় ।

সাংস্কৃতিক শোভাযাত্ৰা মুকলি কৰে বকো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ফনীন্দ্ৰ নাথে । শোভাযাত্ৰা মুকলি কৰা প্ৰাকমূহৰ্তত ভাৰপ্ৰাপ্ত বিষয়া গৰাকীক এখন ফুলাম গমোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে বগাই সংগঠনৰ মূল সমিতিৰ সভাপতি সংগীত বড়োৱে ।

এই বাৰেৰহণীয় সাংস্কৃতিক শোভাযাত্ৰাত অংশ গ্ৰহণ কৰে ৰাভা,গাৰো,গোৰ্খা,বড়ো আদিকে ধৰি বিভিন্ন জাতি জনগোষ্ঠী তথা বহুকে’টা দল সংগঠনে । এই শোভাযাত্ৰা সামৰণি পৰে বকো গান্ধী মৈদানত ।

একেদৰে বীৰ লাচিত বৰফুকনৰ ৪০০তম জন্মজয়ন্তীৰ লগত সংগতি ৰাখি কামৰূপ জিলা প্ৰশাসন আৰু বকো ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ উদ্যোগত এখন থলুৱা খেলৰ আয়োজন কৰে। বকো গান্ধী ময়দান প্ৰাংগণত অনুষ্ঠিত থলুৱা খেলখনত বকো অঞ্চলৰ পাঁচখন বিদ্যালয়ৰ প্ৰায় সাতশ ছাত্ৰ ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে। কুকুৰা যুঁজ, ৰছী টনা, টেকেলী ভঙা, মিউজিক চেয়াৰ,চকুত কাপোৰ বান্ধি হাঁহ ধৰা আদি কৰি অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনিত ৰাজহ চক্ৰ বিষয়া দিৱস বৰদলৈয়ে ৰছী টনা খেলত অংশ লৈ উদ্বোধন কৰে।

মুখ্য অতিথি হিচাবে প্ৰাক্তন বিধায়ক জ্যোতিপ্ৰসাদ দাসৰ লগতে কামৰূপ জিলাৰ অতিৰিক্ত উপায়ুক্ত প্ৰণৱ দত্ত গোস্বামী উপস্থিত থাকে । প্ৰতিযোগিতা খনিত ছাত্ৰ ছাত্ৰী সকলৰ লগতে বকো খণ্ড উন্নয়ন বিষয়া অৰ্ণৱ বৰুৱা,বকো প্ৰাথমিক চিকিৎসালয়ৰ উপাধ্যক্ষ ডা: অপূৰ্ব তালুকদাৰ, ৰাভা হাছং ‌স্বায়ত্ব শাসিত পৰিষদৰ উপাধ্যক্ষ ৰমাকান্ত ৰাভা, সাধাৰণ সদস্য অৰ্জুন চেত্ৰীকে ধৰি কে’বাজনো বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰে ।

সমান্তৰালকৈ বকো আৰক্ষীৰ উদ্যোগটো বকোৰ টুৰুকপাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত ছাত্ৰ ছাত্ৰী সকলৰ মাজত বীৰ লাচিত বৰফুকনৰ আধাৰত ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত হয় ।

Exit mobile version