Dog : বিশ্বৰ আটাইতকৈ বয়স্ক কুকুৰ জিনো

Gino Alex jr main 221121 f4f567

Dog :

কুকুৰ এনে এক প্রাণী, যি অতি সহজেই পোহনীয়া হৈ পৰে । সাধাৰণতে, এটা কুকুৰৰ গড় আয়ু ১০ৰ পৰা ১৩ বছৰৰ ভিতৰত হয় । অৱশ্যে ব্যাতিক্রমো হয় । যেনে জিনো । চলিত মাহৰ ১৫ তাৰিখে তাৰ বয়স ২২ বছৰ, ৫২ দিন হৈছে । কেৱল সেয়াই নহয়, গিনিছ ৰেকর্ড অনুযায়ী জিনোৱেই সম্প্ৰতি বিশ্বৰ আটাইতকৈ বয়স্ক কুকুৰ ।

জিনোৰ সম্পূৰ্ণ নাম, জিনো উলফ । ঘৰ কেলিফ’র্নিয়াত । তাৰ পালক এলেক্স উলফে জনাইছে, জিনোৰ দীর্ঘায়ুৰ কাৰণ হৈছে নিয়মিত স্বাস্থ্যকৰ খাদ্য, চিকিৎসকৰ পৰামর্শ আৰু যত্ন । দীর্ঘ দিন জীয়াই থকাৰ বাবে জিনোৰ আগ্রহকো কৃতিত্ব দিছে তেওঁ ।

এলেক্সে জনাইছে, জিনোৰ ২৪ ছেপ্টেম্বৰ, ২০০০ত জন্ম হয় । ইয়াৰ দুবছৰ পাছত তেওঁলোকে তাক এটা সংস্থাৰ পৰা তুলি লয় । সেই দিনাৰ পৰাই তেওঁলোকে জিনোক অতি যতনেৰে ৰাখে । তেওঁৰ দাবী, জিনো যেতিয়া সৰু আছিল, তেতিয়া বাকী কুকুৰবিলাকৰ স’তে সমুদ্রৰ পাৰত খেলিছিল । ঘৰৰ পাছফালে দৌৰিছিল । এতিয়া বার্ধক্যৰ বাবে বেছিকৈ শোৱা আৰু উষ্ণতা পছন্দ কৰে । চকুৰ দৃষ্টি পূৰ্বতকৈ কিছু কমিছে ।

এলেক্সে জনাইছে, জিনোল নাম গিনিছ বুকত অন্তৰ্ভুক্ত হোৱাত তেওঁ সুখী । সেয়ে তেওঁ জিনোক লৈ গাড়ীত দীঘলীয়া ভ্ৰমণ কৰিছে ।

Exit mobile version