Draupadi Murmu : নতুন বিমানবন্দৰ নিৰ্মাণ হ’ব ৰাষ্ট্রপতিৰ জিলা ময়ূৰভঞ্জত

ৰাজ্যক কাম আৰম্ভ কৰাৰ অনুমতি কেন্দ্রৰ

1660499907 9186

Draupadi Murmu :

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ স্বজিলা ওড়িছাৰ ময়ূৰভঞ্জত নিৰ্মাণ কৰা হ’ব বিমানবন্দৰ ।

ব্রিটিছ আমোলৰ এক পৰিত্যক্ত বিমানবন্দৰ এই জিলাত আগৰ পৰাই আছিল । সেইটোৱে সংস্কৰণ কৰি পুনৰ আৰম্ভ কৰিবলৈ প্রতিৰক্ষা মন্ত্রণালয়ক পত্ৰ প্ৰেৰণ কৰিছিল ওড়িছা চৰকাৰে । মঙলবাৰে মন্ত্রণালয়ৰ তৰফৰ পৰা ৰাজ্যৰ মুখ্যসচিবক পত্ৰ দি এই বিষয়ত প্রয়োজনীয় অনুমতি দিয়া হৈছে । দ্রুত কাম আৰম্ভ কৰিবলৈও কোৱা হৈছে ।

স্থানীয় প্রশাসন সূত্রে জানিব পৰা গৈছে, দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত আপৎকালীনভাৱে এই অস্থায়ী বিমানবন্দৰটো নিৰ্মাণ কৰিছিল ব্রিটিছসকলে । ১৯৪৫ত বিশ্বযুদ্ধ সমাপ্ত নোহোৱা পর্যন্ত বিমানবন্দৰটো কার্যকৰ আছিল । স্বাধীনতাৰ পাছত প্রতিৰক্ষা ক্ষেত্রত গৱেষণা আৰু মানোন্নয়নৰ বাবে ১৬০.৩৫ একৰৰ মালিকীস্বত্ব পায় চৰকাৰী সংস্থা ডিআৰডিঅ’ই ।

প্ৰাপ্ত তথ্য অনুসৰি, ময়ূৰভঞ্জৰ জিলাসদৰৰ পৰা প্রায় ৪৫ কিলোমিটাৰ দূৰত অৱস্থিত ৰাসগোবিন্দপুৰত এই বিমানবন্দৰটো নিৰ্মাণ কৰা হ’ব । বিমানবন্দৰ নিৰ্মাণ কৰিবৰ বাবে ঠাইডোখৰ এৰি দিবলৈ সন্মত হৈছে ডিআৰডিঅ’ । অৱশ্যে তাৰ বাবে ওড়িছা চৰকাৰক ২৬ কোটি টকা ক্ষতিপূৰণ হিচাপে দিব লাগিব ।

বিমানবন্দৰটো আৰম্ভ হ’লে ওড়িছাৰ উত্তৰাংশৰ স’তে বাকী অংশৰ যোগাযোগ আৰু সুচল হ’ব বুলি ধাৰণা কৰা হৈছে । মূলতঃ ছিমলিপাল, চান্দিপুৰ, তালসাৰিৰ সমুদ্রসৈকতৰ দৰে পর্যটনস্থলবোৰৰ স’তে ভুৱনেশ্বৰ বা কটকৰ যোগাযোগ ব্যৱস্থা আৰু মসৃণ হ’ব ।

Exit mobile version