Guwahati : মহানগৰীৰ বিভিন্ন স্থানত আবকাৰী বিভাগৰ সুৰা বিৰোধী অভিযান

উলুবাৰীৰ কছাৰী বস্তি-বোন্দ-চপাইদঙত চুলাই ঘাটি উচ্ছেদ

WhatsApp Image 2022 11 23 at 18.16.18 2

Guwahati :

গুৱাহাটী মহানগৰীত সুৰা বিৰোধী অভিযান তীব্ৰতৰ কৰি তুলিছে কামৰূপ মহানগৰ জিলা আবকাৰী বিভাগে ৷ আজি আবকাৰী বিভাগৰ গুৱাহাটী সদৰৰ এটা দলে মহানগৰীৰ কছাৰী বস্তি, বোন্দা, চপাইদাং, প্ৰেম নগৰ, ধূপগুৰি আদিকে ধৰি বহু কে’বাটাও স্থানত অবৈধ চুলাই ঘাটি উচ্ছেদ কৰাৰ লগতে বৃহৎ পৰিমাণৰ চুলাই নষ্ট কৰে ৷

কামৰূপ(ম) আবকাৰী বিভাগৰ সহকাৰী উপ-অধীক্ষক কুঞ্জ হৰি শৰ্মা আৰু আবকাৰী পৰিদৰ্শক অভিজিত বৰাৰ নেতৃত্বত চলা এই অভিযানত চুলাইত ব্যৱহাৰ কৰা ২৫০০ কিলোগ্ৰাম পাছ, ৩৫০ লিটাৰ চুলাই নষ্ট কৰাৰ লগতে চুলাই প্ৰস্তুত কৰাৰ বাবে ব্যৱহাৰ কৰা শতাধিক বাচনবৰ্তন ভাঙি পেলায় ৷

উল্লেখ্য যে আবকাৰী বিভাগৰ প্ৰাগজ্যোতিষপুৰ সদৰৰ সহকাৰী পৰিদৰ্শক সত্যজিৎ সিনহা, কনিষ্টবল গৌতম বৰুৱা, মুকলেশ্বৰ ৰহমান,‌ কুমুদ কলিতা উপস্থিত থকা অভিযান কাৰি দলটোৱে কছাৰী বস্তিৰ পৰা অবৈধ সুৰাৰ ব্যৱসায়ৰ লগত জড়িত এজন ব্যক্তিকো আটক কৰে ।

উল্লেখ্য যে আৰক্ষী প্ৰশাসনৰ সুপা ধিলা নীতিৰ বাবেই এই অসাধু চক্ৰসমূহে এনেদৰেই মহানগৰীৰ বিভিন্ন স্থানত ৰমৰমীয়া অবৈধ সুৰাৰ ব্যৱসায় চলাই আহিছে ৷

Exit mobile version