Massive Fire In laharijan : বোকাজানৰ লাহৰিজানত ভয়ংকৰ অগ্নিকাণ্ড

জুইত ভস্মীভূত দুই শতাধিক বাসগৃহ ,জাহ খন কে'বাখনো ব্যৱসায়িক প্ৰতিষ্ঠান

WhatsApp Image 2022 11 23 at 15.58.49

Massive Fire In laharijan :

বোকাজানৰ লাহৰিজানত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডত ভস্মীভূত হয় দুই শতাধিক বাসগৃহ সহ বহু কেইখন ব্যৱসায়িক প্ৰতিষ্ঠান ৷

এটি বাসগৃহৰ পৰা জুই সূত্ৰপাত হোৱাৰ পিছত মুহূৰ্ততে জুইৰ লেলিহান শিখাই মুহূৰ্ততে আগুৰি ধৰে সমগ্ৰ অঞ্চলটো ৷ অগ্নিকাণ্ডটোত বিস্ফোৰিত হয় কেইবাটাও ৰন্ধন গেছৰ চিলিণ্ডাৰ ৷ চৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ডটোৰ সূত্ৰপাত হোৱা বুলি সন্দেহ কৰা হৈছে ।

অগ্নিকাণ্ডৰ পিছত বোকাজানৰ লগতে দাঁতিকাষৰীয়া ডিমাপুৰৰ পৰা অহা কে’বাখনো অগ্নিনিৰ্বাপক বাহিনীৰ অহৰহ প্ৰচেষ্টাৰ অন্তত জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয় ৷

জুইত জাহ যায় প্ৰায় দুই শতাধিক বাসগৃহৰ লগতে কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান। আনহাতে অগ্নিকাণ্ডত ভস্মীভূত হয় চাৰিখন চাৰিচকীয়া বাহন আৰু তিনিখন মটৰ চাইকেল ৷

একেদৰে ভয়ংকৰ অগ্নিকাণ্ডটোত কেইবা লক্ষাধিক টকাৰ সা-সম্পত্তি জুইত জাহ যোৱাৰ সন্দেহ কৰা হৈছে । ঘটনা সন্দৰ্ভত খটখটি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৷

Exit mobile version