Prevent Suicide : আত্মহত্যাপ্রৱণ যুৱ প্রজন্মক নতুন জীৱনৰ পথ প্ৰদৰ্শন কৰিব ‘টয়লেট পেপাৰ’এ

thequint 2022 11 619eb144 520e 4ddf 8652 23eb86a4b902 w1700

Prevent Suicide :

উদীয়মান সূর্যৰ দেশত ‘আত্মহত্যা’ বহু পুৰণি প্রথা । যুদ্ধত প্রতিপক্ষৰ হাতত পৰাজিত হৈ, স্ব‌ইচ্ছায় মৃত্যুবৰণ কৰে ছামুৰাইসকলে । সেই প্রথাই অব্যাহত আছে বছৰৰ পাছত বছৰ ধৰি । কেৱল সেয়াই নহয়, আত্মহত্যা কৰিবৰ বাবে ইয়াত বিশেষ এখন হাবিও আছে ।

বিশ্ব স্বাস্থ্য সংস্থা ‘হু’-ৰ তথ্য অনুযায়ী, দীর্ঘ দিন ধৰি বিশ্বত শীর্ষ স্থানত আছে জাপান । জাপানৰ চৰকাৰী পৰিসংখ্যা অনুযায়ী, বিগত বছৰবোৰৰ তুলনাত কৰ’না অতিমাৰীৰ সময়ত দেশত আত্মহত্যাৰ সংখ্যা সৰ্বাধিক ।

দেশৰ যুৱ প্রজন্মৰ এই আত্মহননৰ প্রৱণতা ৰোধ কৰিবলৈ ব্যতিক্রমী পদক্ষেপ গ্ৰহণ কৰিছে জাপান চৰকাৰে ।

আত্মহত্যা কৰাৰ এই মানসিকতা জন্ম হয় মানুহে অকলশৰে থাকিলে । ঘৰত সকলো সময়তে মানুহে সেই সুযোগ নাপায় । মানুজনৰ লগত থাকিও বুজিব নোৱাৰে ব্যক্তিজনৰ মনৰ অৱস্থা । একমাত্র শৌচাগাৰেই এনে এটা ঠাই, য’ত মানুহ সম্পূৰ্ণ অকলশৰে থাকে । এই সময়টো তেওঁৰ একান্ত ব্যক্তিগত সময় । এই সময়তেই কোনোৰ মনত নিজকে নিঃশেষ কৰি দিয়াৰ দৰে নেতিবাচক চিন্তাই গ্রাস কৰে । সেয়ে আত্মহত্যা ৰোধ কৰিবলৈ ‘টয়লেট পেপাৰ’-ত লিখা থাকিব ‘হেল্পলাইন নম্বৰ’ আৰু আশ্বাসমূলক কিছু বার্তা ।

যুৱ প্রজন্মক উদ্দেশ্যি তেওঁলোকে শৌচাগাৰত ব্যৱহৃত ‘টয়লেট পেপাৰ’-ত ছপা অক্ষৰেৰে বার্তা লিখিছে । যিয়ে সেই নিঃসংগ মুহূর্তত তেওঁলোকক অকলশৰীয়া অনুভৱ কৰিব নিদিব । মনত কোনো বেয়া চিন্তা জন্ম ল’লেই চকু যাব এই পেপাৰত । ইচ্ছা কৰিলে হেল্পলাইন নম্বৰত ফোন কৰি মনোবিদসকলৰ সহায় ল’ব পাৰিব অবসাদগ্রস্ত ব্যক্তিজনে ।

যদিও আত্মহত্যাৰ ধাৰণা প্ৰতিখন দেশতে পৃথক । কোনো ঠাইত আত্মহত্যা কৰা মহাপাপ, কোনো ঠাইত মুক্তিৰ পথ । অৱস্থাৰ পৰিৱর্তন হ’লেও জাপানত আত্মহত্যাৰ হাৰচ কোনো পৰিৱৰ্তন হোৱা নাই । সেয়ে এই অভিনৱ উপায় বাছি লৈছে তেওঁলোকে ।

Exit mobile version