Rare And Unusual Pigeon : ১৪০ বছৰৰ পিছত পুনৰ দেখা পোৱা গ’ল বিৰল প্ৰজাতিৰ পাৰ :

0582e43b 7398 45ce 85da 31bba41686b6

Rare And Unusual Pigeon :

বহু বছৰৰ পূৰ্বে পৃথিৱীৰ পৰা বিলুপ্ত হৈ যোৱা এবিধ বিৰল প্ৰজাতিৰ পাৰ পুনৰ দেখা পোৱা গৈছে । ১৪০ বছৰৰ পিছত পুনৰ এই পাৰ পাপুয়া নিউগিনিত দেখা পোৱা গৈছে ।

ইফালে বিজ্ঞানীসকলে ধাৰণা কৰিছিল যে, বহু বছৰৰ পূৰ্বেই পৃথিৱীৰ পৰা বিলুপ্ত হৈ গৈছে এই বিৰল পাৰ । এই পাৰবিধৰ নাম হৈছে ব্লেক নেপড পেজেন্ট পিজন ।

এই খবৰ লাভ কৰাৰ লগে লগে বিজ্ঞানীসকলে ১৭ নৱেম্বৰত ঘন জংগলত অনুসন্ধান আৰম্ভ কৰে । অৱেশেষত বিজ্ঞানীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় এই বিৰল প্ৰজাতিৰ পক্ষীটো ।

প্ৰাপ্ত খবৰ অনুসৰি ২০ টাকৈ কেমেৰা লৈ জংগলৰ মাজত প্ৰৱেশ কৰা বিজ্ঞানীসকলে শেষত কেমেৰাত বন্দী কৰিবলৈ সক্ষম হয় পাৰটিক । পাখীযুগল ক’লা ৰঙৰ ৰহণ সনা এই পাৰটোৰ উদ্ধাৰ এক বিস্ময়কৰ ঘটনা বুলি অভিহিত কৰিছে গৱেষকৰ দলটোৱে ।

উল্লেখ্য যে , এই প্ৰজাতিৰ পাৰ গছৰ পৰিৱৰ্তে মাটিত বসবাস কৰে । ইয়াৰপূৰ্বেও ২০১৮ চনত এই লুপ্তপ্ৰায় হৈ যোৱা পাৰবিধ বিচাৰি অনুসন্ধান কৰিছিল গৱেষকসকলে । কিন্তু ইয়াৰ অস্তিত্ব কতো পোৱা হোৱা নাছিল । অৱশ্যে ১৮ শ শতিকাৰ ৮২ চনত শেষবাৰৰ বাবে এই প্ৰজাতিৰ পাৰ দেখা পোৱা গৈছিল ।

Exit mobile version