West karbianglong New Sp:অসম- মেঘালয় সীমান্তত গুলীচালনা ঘটনা

ইন্দ্ৰনীল বৰুৱাক পশ্চিম কাৰ্বি আংলঙৰ নতুন এছ পি নিযুক্তি,কৰ্তব্যত গাফিলতি কৰাৰ বাবে পশ্চিম কাৰ্বি আংলঙৰ এছ পি বদলি

WhatsApp Image 2022 11 23 at 16.24.44

West karbianglong New Sp:
পশ্চিম কাৰ্বি আংলংৰ মেঘালয় সীমান্তত সংঘটিত হোৱা গুলীচালনাৰ ঘটনাৰ পিছতে কৰ্তব্যত গাফিলতি কৰাৰ অভিযোগত পশ্চিম কাৰ্বি আংলংৰ আৰক্ষী অধীক্ষক ইমদাদ আলীক গৃহ বিভাগে শাস্তিমুলক বদলি কৰে ৷

বুধবাৰে ৰাজ্যৰ গৃহ আৰু ৰাজনৈতিক বিভাগে তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ অসম আৰক্ষীৰ ২৩ নং বেটেলিয়নৰ কামাণ্ডিং অফিচাৰ তথা অসম আৰক্ষী সেৱাৰ বিষয়া ইন্দ্ৰনীল বৰুৱাক পশ্চিম কাৰ্বি আংলঙৰ নতুন এছ পি নিযুক্তি দিয়ে ৷

আনহাতে ইমদাদ আলীক ২৩ নং অসম আৰক্ষী বেটেলিয়নৰ কামাণ্ডিং অফিচাৰ পদলৈ বদলি কৰে ।

Exit mobile version