Boat Accident :গৰৈমাৰীত নিশা ভয়ংকৰ নাও দুৰ্ঘটনা

WhatsApp Image 2022 11 24 at 13.50.44

Boat Accident :

গৰৈমাৰীত নিশা সংঘটিত হয় ভয়ংকৰ নাও দুৰ্ঘটনা৷আলিকাষপাৰ ঘাটত ব্ৰহ্মপুত্ৰ নদীত সংঘটিত হৈছে এই দুৰ্ঘটনা ৷ নাও এখনৰ তলি ফুটাৰ বাবে সংঘটিত হয় দুৰ্ঘটনাটো।

যন্ত্ৰচালিত নাওখন কুৰিহামাৰী চৰৰ পৰা গৰৈমাৰী অভিমুখী আহি থকা সময়তে নাওখনৰ তলি ফুটি পানীৰে উপচি পৰে নাও খন ৷

নাওখন পলকতে নৈৰ বুকুত ডুব যায় যদিও নাও খনত থকা যাত্ৰী সকল সাতুঁৰি পাৰলৈ আহিবলৈ সক্ষম হয় যদিও ২২টাকৈ গৰু সন্ধানহীন হৈ আছে ৷সন্দেহ কৰা মতে নৈ বুকুত উটি যায় গৰু কেই ট ৷

পিছত ঘটনাস্থলীত আৰক্ষী আৰু এচ ডি আৰ এফ বাহিনীলোক উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্ত নাও খন উদ্ধাৰ কৰে যদিও নাওখনৰ গৰাকী চিনাক্ত হোৱা নাই এই পৰ্যন্ত ৷

Exit mobile version