Egg : প্ৰ’টিনৰ শক্তিশালী উৎস কণীৰ ১০ টা তথ্য জানিবলৈ পঢ়ক —

l intro 1641400894

Egg :

শীতৰ সন্ধ্যা সিজোৱা কণীত অলপ জালুকৰ গুড়ি দি খাবলৈ কোনে বেয়া পায় বাৰু ! সকলোৰে পুৱাৰ আহাৰৰ অনন্য অংগ এই কণী । প্ৰ’টিনৰ শক্তিশালী উৎস কণীক কোৱা হয় চুপাৰ ফুড । কণী সংৰক্ষণ পদ্ধতি , ৰন্ধাৰ পদ্ধতি , পুষ্টিগুণ সম্পৰ্কে কিছুমান জৰুৰী কথা জনাটো খুবেই প্ৰয়োজন । সেইয়ে আজি আমি পঢ়ুৱৈ সকলক কণীৰ সন্দৰ্ভত কিছু প্ৰয়োজনীয় তথ্য আগবঢ়াম ।

১/ এটা কণীত ৬ গ্ৰাম প্ৰোটিন , ৭০ গ্ৰাম কেলৰি , ১৮৫ মিলিগ্ৰাম কলেষ্টৰেল , ৫ গ্ৰাম ফেট পোৱা যায় ।

২/ কণী সদায় ফ্ৰিজত সংৰক্ষণ কৰিব লাগে । কিন্তু ফ্ৰিজত সংলগ্ন হৈ থকা দৰজাত কণী ৰাখিব নেলাগে । যিহেতু ফ্ৰিজ খোলাৰ সময়ত তাপমাত্ৰাৰ তাৰতম্য হ’লে কণী বেয়া হৈ যোৱাৰ সম্ভাৱনা থাকে । কণী সাধাৰণতে এটা সাফৰ থকা কন্টেনাৰত থৈ ফ্ৰিজত ৰাখিব লাগে ।

৩/ কণীৰ বাকলিৰ ৰঙা বেলেগ হলেও সকলো কণীতে সমান পুষ্টিগুণ থাকে ।

৪/ কণী কিনি অনাৰ পিছত পাঁচ সপ্তাহতকৈ বেছিদিন ফ্ৰিজত ৰাখিব নেলাগে ।

৫/ কণীৰ ভাল-বেয়া পৰীক্ষা কৰিবলৈ এটা পাত্ৰত পানী দি কণী কেইটা থৈ দিলে , যদি পানীত ডুবি যাই ,তেন্তে জানিব যে সেই কণীকেইটা বহুদিনীয়া আৰু বেয়া ।

৬/ কণীৰ বগা অংশ আৰু কুহুম বেলেগ কৰি বগা অংশ আপুনি ফ্ৰিজত ৰাখিব পাৰে যদিও কুহুমটো কেতিয়াও সংৰক্ষণ কৰিব নেলাগে । বিপৰীতে কাষ্টাৰ্ড জাতীয় খাদ্যত সংযোগ কৰিব লাগে।

৭/ তামমাত্ৰাৰ ওপৰত কণীৰ ভাল-বেয়া নিৰ্ভৰ কৰে । ফ্ৰিজত কণী ৰাখিবলৈ সুবিধা নেথাকিলে অলপ গৰম পানীত কণী ডুবাই ৰাখিলেও স্বাভাৱিক তাপমাত্ৰাত ৰাখিব পাৰি ।

৮/ কণী সিজোৱা সময়ত কেতিয়াবা ফাটি যোৱা দেখা যায় । তেনেক্ষেত্ৰত কণী সিজোৱা সময়ত অলপ নিমখ দিব লাগে ।

৯/ গৰম কণী পানীৰ পৰা উঠোৱাৰ পিছত ঠাণ্ডা পানীত তিনি চাৰি মিনিট ৰাখিব লাগে । এনে কৰিলে কণীৰ বাকলি গুচোৱাত সহায় হয় । ১০/ কণী সিজোৱাৰ সময়ত অলপ ভিনেগাৰ দিব । এনে কৰিলে কণী ভাঙি যোৱাৰ সম্ভাৱনা নেথাকে ।

Exit mobile version