Eknath Shinde 26th November Visit kamakhya Temple : ২৬ ডিচেম্বৰত গুৱাহাটীত উপস্থিত হ’ব মুখ্যমন্ত্ৰী একনাথ সিন্দে

লগত আহিব দুশ বিধায়ক,কামাখ্যা মন্দিৰত ল'ব সেৱা

634e89a9 a6ad 4ee2 8aa4 9772b4bf950a

Eknath Shinde 26th November Visit kamakhya Temple :

২৬ নৱেম্বৰত গুৱাহাটীত উপস্থিত হ’ব মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে ৷ মুখ্যমন্ত্ৰী গৰাকীৰ নেতৃত্বত আহিব দুশ বিধায়ক ৷ মুখ্যমন্ত্ৰী সহিতে দুশ বিধায়কৰ বৃহৎ দলটোৱে নীলাচল পাহাৰৰ কামাখ্যা মন্দিৰত সেৱা ল’ব৷ ইয়াৰ পিচতে মুখ্যমন্ত্ৰী গৰাকীয়ে সাক্ষাৎ কৰিব অসমৰ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাক৷ মুখ্যমন্ত্ৰী সহ মহাৰাষ্ট্ৰৰ বিধায়কৰ দলটো গুৱাহাটীত থাকি ২৮ নৱেম্বৰ পুনৰ উৰা মাৰিব মুম্বাইলৈ ৷

উল্লেখ্য যে বিগত জুন মাহৰ মাজভাগতে উৰ্দ্ধৱ থাকৰে নেতৃত্বাধীন চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী কাৰ্যনিৰ্বাহ কৰা একনাথ সিন্দে সহ কে’বা গৰাকী মন্ত্ৰী আৰু বিধায়কে থাকৰেৰ বিৰুদ্ধে বিদ্ৰোহ কৰি চাৰ্টাড বিমানেৰে আহি গুৱাহাটী ৰেডিয়েছন ব্লুট বাহৰ পাতে ৷

শিৱসেনাৰ বিসম্বাদী গোটৰ নেতৃত্ব লোৱা একনাথ সংগ লয় প্ৰায় ৩৯ জন বিধায়ক৷পৰৱৰ্তী সময়ত এই সংখ্যা বৃদ্ধি পায় ৪৪ জনকৈ৷ইয়াৰ পিছতে মুম্বাইত উদ্বৱ থাকৰে চৰকাৰ সংখ্যালঘুত পৰিণত হয় ৷ বিদ্ৰোহী একনাথ সিন্দেক সৈমান কৰাৰ বাবে বহু চেষ্টা কৰা হৈছিল যদিও কোনা আশানুৰূপ ফলাফল নেদেখাত উদ্বৱ থাকৰে নিশাই মুখ্যমন্ত্ৰী আবাস ত্যাগ কৰে ৷

আনহাতে ৰাজ্যপাল ভগত সিং কোশৰীয়ে সংখ্যালঘুত পৰিণত হোৱা উৰ্দ্ধৱ থাকৰেক সদনত আস্থা ভোট বিচাৰিবলৈ নিৰ্দেশ দিয়ে ৷আনহাতে ঘটনাক্ৰমে বিজেপিৰ স’তে হাত মিলাই একনাথ সিন্দে আৰু বিজেপিৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফাৰনবিছে এখন সংবামেল সম্বোধন কৰে ৷

সংবাদমেলতে ফাৰনবিছে একনাথক মুখ্যমন্ত্ৰী আৰু ফাৰনবিছক উপ- মুখ্যমন্ত্ৰী ৰূপে দুয়োটা দলে চৰকাৰৰ বাবে সাজু হোৱাৰ আনুষ্ঠানিক ঘোষণা কৰে৷ ৩০ জুনৰ সন্ধিয়া একনাথ সিন্দে আৰু দেবেন্দ্ৰ ফাৰনবিছক ক্ৰমে মুখ্যমন্ত্ৰী আৰু উপ- মুখ্যমন্ত্ৰী ৰূপে শপত বাক্য পাঠ কৰায় ৰাজ্য পাল ভগত সিং কোশৰীয়ে ৷

মনকৰিবলগীয়া যে একনাথ সিন্দে নেতৃত্বাধীন শিৱসেনা বিসম্বাদী গোট আৰু বিজেপিৰ মাজত মিত্ৰজোঁট গঠনৰ পিছতে সদনত আস্থাভোটৰ সন্মুখীন হোৱাৰ পূৰ্বেই উদ্ধৱ থাকৰে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছিল ৷

মনকৰিবলগীয়া যে গুৱাহাটীত থকা অৱস্থাতে একনাথ সিন্দে সহ বিসম্বাদী বিধায়ক সকলে দৰ্শন কৰিছিল কামাখ্যা মন্দিৰ ৷ মন্দিৰ দৰ্শনৰ পিছতে সাংবাদিকৰে হোৱা বাৰ্তালাপ উল্লেখ কৰিছিল যে মহাৰাষ্ট্ৰ তেওঁৰ দলে চৰকাৰ গঠন কৰিলে পুনৰ কামাখ্যা মন্দৰলৈ পুনৰ আহি সেৱা অৰ্চনা কৰিব৷

Exit mobile version