Imran Khan : উপহাৰত পোৱা বহুমূল্যৰ ঘড়ী বিক্ৰী ! পুনৰ বিতৰ্কত ইমৰান খান

imran khan

Imran Khan :

পুনৰ বিতৰ্কৰ কেন্দ্ৰবিন্দুত পাকিস্তানৰ কিংবদন্তী ক্ৰিকেটাৰ আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খান । পাকিস্তানৰ প্ৰধানমন্ত্ৰী থকাৰ সময়ত চৌদি আৰৱৰ প্ৰিন্স মহম্মদ বিন ছালমন আল-চাউদে ইমৰান খানক (Imran Khan) বহু মূল্যৰ এটা ঘড়ী উপহাৰ দিয়ে । ডুবাইৰ এজন ব্যৱসায়ীয়ে অভিযোগ কৰিছে যে চৌদি ৰাজকুমাৰে উপহাৰ দিয়া ঘড়ীটো তেওঁ ক্ৰয় কৰিছে ।

উমৰ ফাৰুক জহুৰ নামৰ ব্যৱসায়ীজনে দাবী কৰিছে যে তেওঁ ইমৰান খানৰ সেই বহু মূল্যৰ ঘড়ীটো তেঁও দুই মিলিয়ন ডলাৰত ক্ৰয় কৰিছে । তেওঁ ঘড়ীটো ক্ৰয় কৰাৰ সময়ত ইমৰান পাকিস্তানৰ প্ৰধানমন্ত্ৰী আছিল।

ডুবাইস্থিত এজন ব্যৱসায়ীয়ে ২০১৯ চনত ঘড়ীটো ক্ৰয় কৰা বুলি দাবী কৰিছে। পাকিস্তানৰ প্ৰধানমন্ত্ৰী হিচাপে চৌদি আৰৱ ভ্ৰমণ কৰিবলৈ গৈছিল ইমৰান খান । সেই সময়তে তেওঁক এই উপহাৰটো দিয়া হয়।

জহুৰে দাবী কৰিছে যে ঘড়ীটো অতি মূল্যৱান আৰু বিৰল । তেওঁ ঘড়ীটোৰ বাবে বৃহৎ মাছুল পৰিশোধ কৰিছে । ঘড়ী বিক্ৰী কৰাৰ ঘটনা পোহৰলৈ অহাৰ লগে লগে ‘তোশাখানা’ বিতৰ্ক পুনৰ পোহৰলৈ আহিছে।

ইমৰান খানৰ বিৰুদ্ধে ইতিমধ্যে প্ৰধানমন্ত্ৰী হিচাপে থকা সময়ছোৱাত বিভিন্ন ৰাষ্ট্ৰপ্ৰধানৰ পৰা প্ৰাপ্ত উপহাৰসমূহ চৰকাৰী দোকান বা তোশাখানাত জমা কৰাৰ পৰিৱৰ্তে বৃহৎ পৰিমাণৰ ধনৰ বিনিময়ত বিক্ৰী কৰাৰ অভিযোগ উত্থাপিত হৈছে।

পাকিস্তানৰ আইন অনুসৰি, বিভিন্ন ৰাষ্ট্ৰপ্ৰধানে দিয়া সকলো উপহাৰ পাক তোশাখানাত জমা কৰা হয়। ইয়াৰ পূৰ্বে, ইমৰানৰ বিৰুদ্ধে তোশাখানাৰ সামগ্ৰী বিক্ৰী কৰাৰ অভিযোগ উত্থাপিত হৈছে। ৰাজনৈতিক বিৰোধীসকলেও তেওঁৰ বিৰুদ্ধে কেবাবাৰো মাত মাতিছে।

Exit mobile version