Maligaon Fire : মালিগাঁৱত ভয়ংকৰ অগ্নিকাণ্ড, জুইত ভস্মীভূত কেইবাটাও বাসগৃহ

c3b83bc0 0450 4a0e 82d9 da6773554e4f

Maligaon Fire :

মহানগৰীৰ মালিগাঁওত বুধবাৰে সংঘটিত হোৱা এক ভয়ংকৰ অগ্নিকাণ্ডত কে’বাটাও বাসগৃহ ভস্মীভূত হয় ৷ মালিগাঁৱৰ গোটানগৰ অঞ্চলৰ বি জি কলনীত সংঘটিত হোৱা অগ্নিকাণ্ডৰ শিখাই পলকতে আগুৰি ধৰে দহটাকৈ বাসগৃহ ৷

জুইত জাহ য়ায় দহটাকৈ বাসগৃহ ৷ ক্ষয়ক্ষতি হয় কে’বা লাখ টকাৰ সা-সম্পত্তি ৷ জুইৰ সূত্ৰপাত হোৱাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় আন্তঃৰাজ্যিক বাছ টাৰ্মিনাস (আইএছবিটি) অগ্নিনিৰ্বাপক কেন্দ্ৰৰ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী ৷

বহু সময় চেষ্টাৰ অন্তত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় অগ্নিনিৰ্বাপক বাহিনী ৷ স্থানীয় লোকে জনোৱা হৈছে যে পাকঘৰৰ এটাৰ পৰাই জুইৰ সূত্ৰপাত হৈছিল ৷

Exit mobile version