Nagaon : লাচিত বৰফুকনৰ বেশভূষাৰে প্ৰতিকী ৰূপত নগঞা যুৱকৰ প্ৰতিবাদ 

IMG 20221124 161109

Nagaon :

সমগ্র ৰাজ্যৰ লগতে দেশৰ ৰাজধানী চহৰতো মহাবীৰ লাচিত বৰফুকনৰ চাৰিশ বছৰীয়া জন্মজয়ন্তী অনুষ্ঠিত কৰাৰ সময়তে আজি নগাঁৱত এজন যুৱকে লাচিত বৰফুকনৰ বেশৰে অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে । তেওঁ লাচিতৰ বেশ-ভূশাৰে অশ্বাৰোহনৰে পথচাৰীৰ দৃষ্টি আকৰ্ষণ কৰাৰ লগতে ঘোঁৰাৰ পিঠিত উঠিয়েই হেংদাং ডাঙি মাজে মাজে চিঞৰিলে “মোৰ দেশতকৈ-জাতিতকৈ মামা ডাঙৰ হ’ব নোৱাৰে ।”

বীৰ লাচিতৰ শৌৰ্য্য, বীৰ্য তথা আদৰ্শক নৱ প্ৰজন্মৰ মাজত প্ৰচাৰ কৰা তথা কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ কেতবোৰ জনবিৰোধী কাৰ্যৰ প্ৰতিবাদ কৰাৰ উদ্দেশ্যৰেই নগাঁৱৰ বিৰিঞ্চি বৰা নামৰ যুৱকজনে বীৰ লাচিত বৰফুকনৰ বেশ-ভূষাৰে ঘোঁৰাত উঠি প্ৰতিকী প্ৰতিবাদ কৰে বুলি তেওঁ সদৰি কৰে ।

তেওঁ সংবাদ মাধ্যমক কয়, ”অসমত বৰ্তমান সৃষ্টি হোৱা স্বৈৰাচ্ছাৰী শাসন তথা অগ্নিগৰ্ভা পৰিস্থিতিৰ প্ৰতিবাদত প্ৰতিজন অসমীয়া যুৱক ওলাই অহা উচিত । মহাবীৰ লাচিতে ৰামসিংহৰ নেতৃত্বত অসম আক্ৰমণ কৰিবলৈ অহা মোগলক পৰাভূত কৰি অসমৰ স্বাধীনতা, সাৰ্বভৌমত্ব ৰক্ষা কৰিছিল ।

ইয়াৰ বিপৰীতে বিজেপি নেতৃত্বাধীন চৰকাৰখনে অসমৰ ৰাইজক সুৰক্ষিত কৰিব পৰা নাই । বৰঞ্চ ‘কা’ৰ দৰে আইন বলৱৎ কৰি বিদেশীক নাগৰিকত্ব দিবহে বিচাৰিছে । এই আইনখন আনিবৰ বাবে চৰকাৰে অসমৰ পাঁচজনকৈ তেজাল যুৱকক হত্যা কৰিছে ।”

তেওঁ লগতে কয় যে লাচিত বৰফুকনে বিদেশীক বৰপীৰা পাৰি দিবৰ বাবে যুঁজ কৰা নাছিল । সেয়ে বিদেশীক বৰপীৰা পাৰি দিব বিচৰা বিজেপি চৰকাৰখনৰ মহাবীৰ লাচিত বৰফুকনৰ জন্মজয়ন্তী অনুষ্ঠিত কৰাৰ নৈতিক অধিকাৰ নাই । বিৰিঞ্চি বৰাই লাচিত বৰফুকনৰ নাম লোৱা জাতীয় সংগঠনসমূহক একত্ৰিত হোৱাৰ আহ্বান জনোৱাৰ লগতে যুৱ প্ৰজন্ম ওলাই আহিবলৈ আহ্বান জনায় ।

উল্লেখযোগ্য যে বিৰিঞ্চি বৰা আম আদমী পাৰ্টীৰ নেতা । কিছুদিনৰ পূৰ্বে শিৱৰ বেশ-ভূষাৰে প্ৰতিকী ৰূপত তেওঁ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল । সেই সময়ত তেওঁক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল যদিও, মুখ্যমন্ত্ৰীৰ নিৰ্দেশত আৰক্ষীয়ে মোকলাই দিছিল ।

Exit mobile version