Regret : জীৱনৰ বিয়লি বেলাত মানুহে কি চাৰিটা বিষয়ক লৈ অনুতপ্ত হয় ?

images 6 4

Regret :

মানুহৰ জীৱনটোত বহু কথা আহে আৰু যায় । জীৱনৰ কোনো এটা সিদ্ধান্তই গোটেই জীৱনটো সলনি কৰিব পাৰে । বহুত মানুহৰ জীৱন সম্পৰ্কে ধাৰণা যে , আমি কেৱল নিজৰ কাৰণে জীয়াই থাকিব লাগে । কিন্ত এনে কিছুমান মানুহ আছে ,যিসকলে জীৱনৰ শেষ সময়ছোৱাত অনুশোচনাত ভোগে ।

আচলতে গুৰুত্বপূৰ্ণ কথা হ’ল যে, আপুনি যি কৰিছে সকলো হাঁহিমুখে কৰক । নহ’লে জীৱনৰ শেষ সময়ত আপুনি অনুশোচনাত দগ্ধ হ’ব । আমি সচৰাচৰ দেখো যে , বহুত মানুহ নিজৰ পৰিয়ালৰ লগত সুখী যদিও ক’ৰবাত যেন তেওঁ দুখী । ইয়াৰ কাৰণ কি ?

আমি জনা উচিত যে , পৰিয়াল হৈছে আপোনাৰ একতাৰ স্থান । পৰিয়ালটো সুখী কৰাৰ সমান্তৰালকৈ আপুনি নিজৰ ভাল লগা কামখিনিও কৰাৰ যত্ন কৰিব লাগে । আচলতে জীৱন বৃত্তৰ শেষ সময়ছোৱাত মানুহৰ মনলৈ কিয় অনুশোচনা আহে । আজি আমি পঢ়ুৱৈ সকলক এনে সময়ত অহা কিছু অনুশোচনাৰ বিষয়ে আলোচনা আগবঢ়াম ।

১/ ভ্ৰমণ নকৰা :–সুবিধা অনুযায়ী দেশ-বিদেশ ভ্ৰমণ কৰিব লাগে । ভ্ৰমণে ভিন্ন মানুহৰ সংগ লাভ কৰাত সহায় কৰাৰ লগতে জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰে । ভ্ৰমণ কিন্তু আপোনাৰ বাবে খুবেই গুৰুত্বপূৰ্ণ । অনেক মানুহে বয়সত পৃথিৱীখন নেদেখাক লৈ অনুশোচনাত ভোগা দেখা যায় । যদিও তেওঁ আনৰ আগত কোনো কথা প্ৰকাশ কৰিব নোৱাৰে ।

২/ শংকা মুক্ত হৈ থকা :— জীৱনত যিয়েই নকৰক সদায় শংকামুক্ত হৈ কৰিব লাগে । শংকামুক্ত হৈ কাম নকৰিলে জীৱনৰ শেস সময়ত আপুনি অনুশোচনাত ভুগিব পাৰে । সেইয়ে জীৱনৰ সকলো প্ৰত্যাহ্বান ল’বলৈ আপুনি পাৰিব লাগিব । প্ৰত্যাহ্বানেহে আপোনাক জীৱনৰ অন্তিম সুখ দিব পাৰিব । প্ৰত্যাহ্বানত হাৰিলে সেইয়া জীৱনৰ এক শিক্ষণ বুলি ল’ব পাৰিব লাগে । অন্ততঃ আপুনি যে এটা চেষ্টা কৰিছিল ,সেইকথাই আপোনাক সদায় আনন্দ প্ৰদান কৰিব ।

৩ / নিজৰ সপোন পূৰণৰ চেষ্টা কৰক :– সকলো মানুহৰে কিছুমান সপোন থাকে । সেই সপোন পূৰণ কৰিবলৈ চেষ্টা কৰক । আপোনাৰ সপোন পূৰণ হ’লে , জীৱনৰ অন্তিম সময়ত কেতিয়াও অনুশোচনা নাহে । সপোনক কেতিয়াও পিছলৈ নেৰাখিব । বয়সত আপুনি আপোনাৰ সপোন পূৰ কৰিব পৰাকৈ সক্ষম হৈ নেথাকিবও পাৰে ।

৪/ আনক সহায় কৰক :— যিমান দূৰলৈকে পাৰে মানুহক সহায় কৰিবলৈ চেষ্টা কৰক । জীৱনৰ অন্তিম সময়ত যাতে আপুনি কৰিব নোৱাৰা কৰ্মক লৈ অনুতপ্ত নহয় । অৱশ্যে যদি আপোনাৰ হাতত সময় থাকে মৃত্যুৰ আগমুহূৰ্তলৈকে আনক সহায় কৰাৰ চেষ্টা কৰক । ই আপোনাক জীৱনৰ শেষ সময়ৰলৈকে সুখ প্ৰাপ্তি কৰাব।

Exit mobile version