RTI Act : লাইভ ষ্ট্ৰিমিঙৰ পাছত এইবাৰ আৰটিআই প’র্টেল ! বৃহৎ পৰিৱর্তন হ’ব দেশৰ শীর্ষ আদালতত

Fraud

RTI Act :

আৰম্ভ হ’ল উচ্চতম ন্যায়ালয়ৰ ‘আৰটিআই (তথ্যৰ অধিকাৰ আইন) প’র্টেল’ । চলিত মাহতেই শীর্ষ আদালতৰ মুখ্য ন্যায়াধীশ ডিৱাই চন্দ্রচূড়ে এক গোচৰৰ শুনানিৰ সময়ত জনাইছিল, বিচাৰপ্রক্রিয়া অধিক স্বচ্ছ আৰু গতিশীল কৰিবলৈ তথ্যৰ অধিকাৰ আইন অনুযায়ী এটা অনলাইন প’র্টেল আৰম্ভ কৰা হ’ব । বৃহস্পতিবাৰে পুৱা আদালত আৰম্ভ হোৱাৰ আগতে মুখ্য ন্যায়াধীশে কয়, ‘‘আজিৰ পৰাই আৰম্ভ হ’ল উচ্চতম ন্যায়ালয়ৰ আৰটিআই প’র্টেল ।’’

দেশৰ বিভিন্ন উচ্চ ন্যায়ালয়ত তথ্যৰ অধিকাৰ আইনত (আৰটিআই) ৰুজু হোৱা গোচৰৰ সম্পর্কে জানিবৰ বাবে এটা প’র্টেল আৰম্ভ কৰাৰ দাবীত গোচৰ দাখিল হৈছিল শীৰ্ষ ন্যায়ালয়ত । যোৱা ১৫ নৱেম্বৰত সেই গোচৰৰ শুনানিত মুখ্য ন্যায়াধীশ চন্দ্রচূড়ে কৈছিল, ‘‘এনে প’র্টেল প্ৰথমে শীৰ্ষ ন্যায়ালয়েই আৰম্ভ কৰিব লাগিব । তাৰ পাছত উচ্চ ন্যায়ালয়বোৰকো এনে ধৰণৰ প’র্টেল আৰম্ভ কৰাৰ কথা ক’ব পাৰে ।’’ তেওঁৰ সেই মন্তব্যৰ পাছতেই আৰম্ভ হৈছিল আৰটিআই প’র্টেল আৰম্ভণিৰ কাম ।

প্রসংগত, বিচাৰপ্রক্রিয়া অধিক স্বচ্ছ আৰু গতিশীল কৰাৰ উদ্দেশ্যে কিছু দিন ধৰি নানা পদক্ষেপ গ্ৰহণ কৰিছে শীৰ্ষ ন্যায়ালয়ে । যোৱা ২৭ ছেপ্টেম্বৰত তৎকালীন মুখ্য ন্যায়াধীশ ইউইউ ললিতৰ উদ্যোগত উচ্চতম ন্যায়ালয়ৰ গোচৰবোৰৰ শুনানিৰ ‘লাইভ ষ্ট্ৰিমিং’ বা পোনপটীয়া সম্প্রচাৰ আৰম্ভ কৰা হয় ।

Exit mobile version