Russia Ukraine War : দ্বিতীয় বিশ্বযুদ্ধৰ পাছৰ পৰা ইউক্ৰেইনত সকলোতকৈ ভয়াৱহ শীতকাল !

1669266899 zapo

Russia Ukraine War :

ৰাছিয়াৰ বাহিনীয়ে ৰাজধানী কিয়েভ আৰু খাৰকিভকে ধৰি ইউক্ৰেইনৰ বিভিন্ন অঞ্চলত আকৌ এবাৰ বিমান আক্ৰমণ তীব্ৰতৰ কৰি তুলিছে । এই আক্ৰমণত শক্তি প্ৰকল্প আৰু চিকিৎসালয়সমূহক লক্ষ্য কৰা হৈছে ।

বুধবাৰৰ পাছত, বৃহস্পতিবাৰে বিমান আক্ৰমণত নিহত হোৱাৰ তথ্য পোৱা গৈছে । কিয়েভৰ মেয়ৰে জনাই যে দ্বিতীয় বিশ্বযুদ্ধৰ পাছত ইউক্ৰেইনত আটাইতকৈ ভয়াৱহ শীতকাল নামিছে ।

আনহাতে, মস্কোৱে ক্ৰিমিয়াত ড্ৰোন আক্ৰমণ চলাইছিল বুলি দাবী কৰে । ক্ৰেমলিনৰ বিষয়াসকলে জনায় যে ৰাছিয়াৰ বাহিনীক সতৰ্ক কৰি দিয়া হৈছে । বুধবাৰে ৰাছিয়াই দক্ষিণ-পূব সীমান্তৰ ইউক্ৰেইনৰ জাপোৰিজিয়াৰ এখন চিকিৎসালয়ত এছ-৩০০ মিছাইল আক্ৰমণ চলায় । মৃত্যু হয় দুদিনিয়া এটি শিশুৰ ।

ৰাছিয়াই বুধবাৰে দক্ষিণ ইউক্ৰেইনৰ এখন চিকিৎসালয়ত আক্ৰমণ কৰে বুলি আমেৰিকাৰ এক সংবাদ সংস্থাই প্ৰকাশ কৰে । আক্ৰমণৰ ফলত , চিকিৎসালয়ৰ প্ৰসূতি বিভাগ আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে ।

মিছাইল আক্ৰমণত এটি দুদিনীয়া শিশু নিহত হয় । শিশুটোৰ মাতৃকে ধৰি এজন চিকিৎসকক প্ৰসূতি বিভাগৰ ধ্বংসাৱশেষৰ পৰা উদ্ধাৰ কৰা হৈছে । সংবাদ সংস্থাৰ সূত্ৰ অনুসৰি, আক্ৰমণৰ ফলত চিকিৎসালয়খনৰ ওচৰৰ ঘৰবোৰো ক্ষতিগ্ৰস্ত হৈছে ।

ইউক্ৰেইনৰ প্ৰশাসনে পূৰ্বতে আক্ৰমণৰ আশংকাৰ বাবে বিমানৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছিল । ৰাছিয়াৰ সামৰিক বাহিনীয়ে বুধবাৰে ইউক্ৰেইনৰ দক্ষিণ আৰু পূব সীমাত আক্ৰমণ চলাই থকাৰ অভিযোগ উত্থাপিত হৈছে ।

আনকি তাত থকা শক্তি প্ৰকল্পবোৰো শীতকালত ইউক্ৰেইনীয়সকলক বিপদত পেলোৱাৰ বাবে লক্ষ্য কৰা হৈছে । ৰাছিয়াৰ সামৰিক বাহিনীয়ে পৰ্যাপ্ত বিদ্যুতৰ অভাৱৰ বাবে ইউক্ৰেইনীয়সকলে সমস্যাৰ সন্মুখীন হোৱাটো বিচাৰিছিল বুলি অভিযোগ উত্থাপিত হৈছে ।

কিয়েভৰ মেয়ৰ ভিটালি ক্লিটস্কোৱে জাৰ্মান সংবাদ সংস্থা এটাক জনায় যে ইউক্ৰেইনে আটাইতকৈ বেয়া পৰিস্থিতিৰ বাবে সাজু থকাৰ প্ৰয়োজন । বৈদেশিক মন্ত্ৰণালয়ৰ এগৰাকী জ্যেষ্ঠ বিষয়াই জনায় যে ইউক্ৰেইইনৰ ওপৰত ৰাছিয়াৰ নিৰন্তৰ আক্ৰমণ “গভীৰভাৱে সম্পৰ্কিত” ।

এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি, ইউৰোপীয় ইউনিয়নৰ সংসদেই ৰাছিয়াক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিচ্ছিন্ন কৰাৰ এক প্ৰস্তাৱত ইউৰোপীয় ইউনিয়নক আহ্বান জনাইছে । ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে এই সিদ্ধান্তক আদৰণি জনাইছে।

“ইউক্ৰেইন আৰু সমগ্ৰ বিশ্বতে সন্ত্ৰাসবাদৰ এই দীৰ্ঘদিনীয়া নীতিৰ সমাপ্তিৰ বাবে ৰাছিয়াক সকলো স্তৰত বিচ্ছিন্ন কৰিব লাগিব । ইউক্ৰেইনৰ বৈদেশিক মন্ত্ৰী দিমিত্রি কুলেবায়েও এই সিদ্ধান্তৰ বাবে ইউৰোপীয় সংসদক ধন্যবাদ জনাইছিল ।

Exit mobile version