Bharat Jodo Yatra : নগাঁৱত উপস্থিত ভাৰত জোড়ো যাত্ৰাৰ সমদলকাৰী

WhatsApp Image 2022 11 25 at 19.00.29

Bharat Jodo Yatra :

সমগ্ৰ ভাৰত জুৰি অখিল ভাৰতীয় কংগ্ৰেছ কমিটিয়ে আৰম্ভ কৰা ভাৰত জোড়ো যাত্ৰাৰ সমান্তৰালভাৱে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়েও ধুবু্ৰীৰ পৰা আৰম্ভ কৰা যাত্ৰাত অংশ লোৱা পদযাত্ৰী দলটো আজি পদব্ৰজে উপস্থিত হয় নগাঁৱত ৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ নেতৃত্বত অহা সমদলকাৰী দলটোক শেনচোৱাত বিপুলভাৱে আদৰণি জনাই নগাঁও জিলা কংগ্ৰেছ কমিটিৰ সভাপতি সুৰেশ বৰাই ৷

হাতত দলীয় পতাকা লৈ অহা সহস্ৰাধিক কংগ্ৰেছ কমিটিয়ে অংশলোৱা দলটো হয়বৰগাঁও চহৰৰ মাজেৰে গৈ নিউ আমোলাপট্টিস্থিত জিলা কংগ্ৰেছৰ ৰাজিৱ ভৱনত সমবেত হয় ৷

জিলা কংগ্ৰেছৰ সভাপতি সুৰেশ বৰাৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত উদাত্ত ভাষণ দি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা সোচ্ছাৰ হৈ পৰে বিজেপি নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে ৷দুখীয়াক দুখীয়া কৰি ধনীক বৃহৎ পুঁজিপতিলৈ ঠিকা লোৱা চৰকাৰ খনে সৰ্বসাধাৰণ ৰাইজলৈ পিঠি দি নিজৰ স্বাৰ্থ সুৰক্ষিত পাবৰ বাবে তৎপৰ হৈ পৰিছে ৷

উৎসৱ-পাৰ্বন আৰু দিৱস পতাতে নিমগ্ন হোৱা বিজেপি চৰকাৰ খনত উচিত প্ৰত্যুত্তৰ দিবৰ বাবে ৰাইজলৈ আহ্বান জনায় ৷ সভাত জ্যেষ্ঠ কংগ্ৰেছ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুচেইন,সাংসদ গৌৰৱ গগৈ, প্ৰদ্যুত বৰদলৈ,বিধায়ক সকল ক্ৰমে ভাস্কৰজ্যোতি বৰুৱা ,নুৰুল হুদা,শিৱামণি বৰা সহ কেইবা গৰাকী জ্যেষ্ঠ কংগ্ৰেছ নেতা উপস্থিত থাকি কংগ্ৰেছ কৰ্মী সকলক সম্বোধন কৰে ৷

Exit mobile version