Cabs : খানাপাৰাৰ পৰা নগাঁৱলৈ গৈ থকা পথত কেব চালকক আক্ৰমণ যাত্ৰীৰ

আদবাটত চালকক আক্ৰমণ কৰি কেব লৈ পলায়ন, আহত চালকক চিকিৎসালয়ত ভৰ্তি

Cabs :

মহানগৰীত ইটোৰ পিছত সিটোকৈ অপৰাধীয়ে সংঘটিত কৰি অহা অপৰাধমূলক কাৰ্যৰ মাজতে শুক্ৰবাৰে পুনৰ সংঘটিত আন এক ঘটনা৷এইবাৰ ঘটনাৰ স্থান নগাঁও ৷ খানাপাৰাৰ পৰা নগাৱঁলৈ কেব ভাড়া কৰি গৈ থকা পথত যাত্ৰী ৰূপী দুৰ্বৃত্তই কেব চালকক চোকা জাতীয় অস্ত্ৰৰে আক্ৰমণ কৰি চুইফট বাহন লৈ উধাও হয় ৷ অৱশ্যে নিজৰ উপস্থিত বুদ্ধি আৰু প্ৰত্যাক্ৰমণ বাবে কথমপি প্ৰাণৰক্ষা পৰে কেব চালকজন ৷

কেব চালক মুজাম্মিল হকে সাংবাদিকক ঘটনাৰ বিৱৰণ দাঙি কয়, দুজন যাত্ৰীয়ে যোৱা নিশা তেওঁৰ চুইফট বাহন খন খানাপাৰাৰ পৰা নগাঁৱৰ উৰিয়াগাঁৱলৈ প্ৰথম অনলাইন যোগে বুক কৰি পিছত নাকচ কৰে ৷কিন্ত পিছত পুনৰ ম’বাইলতে তিনিহাজাৰ টকাৰ বন্দোৱস্তমৰ্মে দুই যুৱকে বাহন খনত উঠি উৰিয়াগাওঁ অভিমুখে যাত্ৰা কৰে ৷ যাত্ৰা পথত ন- মাইলত সুৰাক্ৰয় কৰিবলৈ নামে যুৱক দুজন ৷ গাড়ী ৰহা টোল গেইট পাৰ হৈ যোৱাৰ পিছতে জলাহলৈ নিবলৈ কয়৷ সেইমৰ্মে জলাহ গাঁও পাওতেই এটা পথৰুৱা পথত দুয়োজন যুৱকে চুৰিৰে মুজাম্মিলক আক্ৰমণ কৰে ৷মুজাম্মিলেও প্ৰত্যাক্ৰমণ কৰাৰ চেষ্টা কৰে যদিও আহত হোৱাৰ সুযোগ লৈ যাত্ৰীৰূপি চোৰ দুজনে চুইফট ডিজায়াৰ খন লৈ পলায়ন কৰে৷

ইতিমধ্যে মুজাম্মিলে আহত অৱস্থাত স্থানীয় লোকক ঘটনাৰ সৱিশেষ বিৱৰি কোৱাত ৰাইজে আৰক্ষীক দিয়ে খবৰ ৷ পিছত আহত মুজাম্মিলক আৰক্ষীয়ে নগাঁও চিভিল হাস্পতালত ভৰ্তি কৰে ৷আনহাতে আৰক্ষীয়ে গাড়ীখনৰ সন্ধান চলাই জলাহৰ সমীপৱৰ্তী পাঠৰিত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ কৰে চুইফট ডিজায়াৰ
খন ৷

সন্দেহ কৰা মতে দুই দুৰ্বৃত্ত মহানগৰীৰ ধীৰেন পাৰাৰ বাসিন্দা ৷ নগাঁও আৰক্ষীয়ে দুই দুৰ্বৃত্তৰ সন্ধানত মহানগৰ আৰক্ষীৰ সহযোগত আৰম্ভ কৰিছে অভিযান ৷

Exit mobile version